গোলাঘাট, 18 মে': গোলাঘাটৰ কুৰুৱাবাহি নেপালী খুটিত চাঞ্চল্যকৰ ঘটনা ৷ এটা গাহৰিৰ বাবেই জয়ন্ত দাস নামৰ এজন যুৱকে দাৰে আক্ৰমণ কৰে একেখন গাঁৱৰে দিলীপ ঘাটোৱাৰ নামৰ এজন যুৱকৰ ৷ স্থানীয় লোকৰ সহায়ত অৱশেষত বোকাখাট অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় আহত দিলীপ ঘাটোৱাৰক ৷ এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশেষত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা ৷
যুৱকক আক্ৰমণক কেন্দ্ৰ কৰি গোলাঘাটৰ কুৰুৱাবাহি নেপালী খুটিত তীব্ৰ চাঞ্চল্য - আৰক্ষীৰ শূণ্যলৈ গুলীচালনা
এটা গাহৰিৰ বাবেই জয়ন্ত দাস নামৰ এজন যুৱকে দাৰে আক্ৰমণ কৰে একেখন গাঁৱৰে দিলীপ ঘাটোৱাৰ নামৰ এজন যুৱকৰ ৷ স্থানীয় লোকৰ সহায়ত অৱশেষত বোকাখাট অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় আহত দিলীপ ঘাটোৱাৰক ৷ এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে আবেলি নেপালী খুটি গাঁৱৰ জয়ন্ত দাস নামৰ যুৱকজনে এখন কপি দাৰে এটা গাহৰি খেদি অনা দেখি একে গাঁৱৰে দিলিপ ঘাটোৱাৰ নামৰ যুৱকজনে কিয় দাৰে গাহৰি খেদি আনিছ বুলি প্ৰশ্ন কৰে ৷ আৰু এই প্ৰশ্ন কৰাৰ বাবেই জয়ন্ত দাসে হাতত লৈ থকা কপি দাখনেৰে ডিঙিত আক্ৰমণ কৰি গুৰুত্ব ভাৱে আহত কৰে দিলিপ ঘাটোৱাৰক ৷ স্থানীয় লোকৰ সহায়ত অৱশেষত বোকাখাট অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় আহত দিলীপ ঘাটোৱাৰক ৷ কিন্তু ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰি এজন ব্যক্তিৰ ঘৰত লুকাই থাকে জয়ন্ত দাস ৷ ঘটনাস্থলীত ডেৰ ঘন্টা মুৰত আৰক্ষী উপস্থিত হৈ জয়ন্ত দাসক কৰায়ত্ত্ব কৰে যদিও তেঁওক ৰাইজক গতাই দিবলৈ দাবী জনাই ঘটনাস্থলী উত্তাল কৰি তোলে ৰাইজে ৷ অৱশেষত শূণ্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিহে ঘটনাস্থলী পৰা জয়ন্ত দাসক নিবলৈ সক্ষম হয় আৰক্ষী ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে তীব্ৰ উত্তেজনা ৷
লগতে পঢ়কঃ যোৰহাট পৌৰসভাৰ অন্তৰ্গত উন্নয়ন চুপাৰ মাৰ্কেটত উত্তপ্ত পৰিস্থিতি