অসম

assam

ETV Bharat / state

হোজাইৰ উচ্ছেদক লৈ সৰুপথাৰত আমছুৰ প্ৰতিবাদ - hojai kaki aviction

হোজাইৰ উচ্ছেদক লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে সৰুপথাৰ আমছুৱে ৷ আমছুৰ ধনশিৰি মহকুমা সমিতিয়ে সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজেৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ ৷ ধনশিৰি মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আমছুৰ ৷

harupather AAMSU protest against hojai aviction
হোজাইৰ উচ্ছেদক লৈ সৰুপথাৰত আমছুৰ প্ৰতিবাদ

By

Published : Jun 7, 2021, 11:06 PM IST

সৰুপথাৰ, 7 জুন : সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে সৰুপথাৰতো আমছুৱে প্ৰতিবাদ সাৱ্যস্ত কৰে । লংকাৰ কাকী অঞ্চলত তিনি হাজাৰ বিঘা এলেকাৰ তাৰালাংছুত হোজাই প্ৰশাসনে উচ্ছেদ অভিযান চলালে তাৰ পৰিপ্ৰেক্ষিততেই আমছুৰ এই প্ৰতিবাদ কৰা বুলি জানিব পৰা গৈছে ।

হোজাইৰ উচ্ছেদক লৈ সৰুপথাৰত আমছুৰ প্ৰতিবাদ

আমছুৰ ধনশিৰি মহকুমা সমিতিয়ে সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজেৰে ক'লা বেজ পৰিধান কৰি সৰুপথাৰ নগৰৰ মাজ-মজিয়াত এই মৌন প্ৰতিবাদ কৰে । কাকী অঞ্চলৰ ৭৪ টা পৰিয়ালক অন্যায়ভাৱে হোজাই জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ অভিযোগ আমছুৰ সদস্যৰ ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানকো হোজাই প্ৰশাসনে ভৰিৰে মোহাৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰে । উচ্ছেদৰ সম্পূৰ্ণ বিষয়টোক ধিক্কাৰ আৰু তীব্ৰ গৰিহণা দি কয় অতি সোনকালে অসম চৰকাৰে সেই উচ্ছেদিত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে অনাগত দিনত আমছুৱে সমগ্ৰ অসমতে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে । উল্লেখ্য যে ধনশিৰি আমছু সমিতিয়ে এই বিষয়ৰ ওপৰত এখন স্মাৰক পত্ৰ ধনশিৰি মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :আকৌ সমস্যাত পৰিব নেকি অনিল নগৰ-নবীন নগৰ বাসী ?

ABOUT THE AUTHOR

...view details