প্ৰৱল শিলাবৃষ্টিত গোলাঘাটৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন - শিলাবৃষ্টি
গোলাঘাটৰ বামবৰাহী গাঁও,তৰফাট,আঠগাঁও আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন

গোলাঘাটত প্ৰৱল শিলাবৃষ্টি
গোলাঘাট, 28 মাৰ্চঃগোলাঘাটত বুধবাৰে নিশা অহা প্ৰৱল শিলাবৃষ্টিত জিলাখনৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ৷ জিলাখনৰ বামবৰাহী গাঁও, তৰফাট, আঠগাঁও আদি অঞ্চলৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ টিনপাত ফুটা হৈ ঘৰৰ ভিতৰত শিল সোমোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় পৰিয়ালসমূহৰ ৷
গোলাঘাটত প্ৰৱল শিলাবৃষ্টি