অসম

assam

By

Published : Apr 6, 2019, 10:41 PM IST

ETV Bharat / state

গৌৰৱ গগৈ নহয়, ৰাহুল গান্ধী আহিলেও নিৰ্বাচনত জয়ী নহয় কংগ্ৰেছ : হাগ্ৰামা মহিলাৰী

গোলাঘাটৰ তেলীশালত কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী,অতুল বৰা, চন্দন ব্ৰহ্মৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে ।

হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ অভিযান

গোলাঘাট, 6 এপ্ৰিল : গৌৰৱ গগৈ নহয়, ৰাহুল গান্ধী আহিলেও নিৰ্বাচনত জয়ী নহয় কংগ্ৰেছ ৷ বি পি এফক ভোট নিদিবলৈ আহ্বান জনাই কোকৰাঝাৰৰ পৰা চোৰৰ দৰে পলাই হাৰিলে অখিল গগৈয়ে ৷ অখিল গগৈয়ে কোকৰাঝাৰক উজনি অসম বুলি ভাবিছিল । শনিবাৰে গোলাঘাটৰ তেলীশালত কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে মন্তব্য কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
বিজেপি চৰকাৰে কাম কৰিবলৈ সুবিধা দিছে, কেৱল বড়ো বুলিয়েই নহয় সকলোৱে লাভ কৰিছে সুবিধা । ১০০ শতাংশই কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ হ'ব আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ব, যাৰ বাবে এইবেলি নিৰ্বাচনত সভাত উপস্থিত সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।

হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ অভিযান


ইউনাইটেড বড়ো পিপ'লচ অৰ্গেনাইজেচন গোলাঘাট জিলা কমিটিয়ে আয়োজন কৰা উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অগপ সভাপতি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলায় অতুল বৰা, চন্দন ব্ৰহ্মৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে ৷ ইপিনে উক্ত সভাতে ভাষণ প্ৰদান কৰি মোডী বন্দনাৰে পঞ্চমুখ হৈ পৰা মন্ত্ৰী অতুল বৰাই এফালৰ পৰা কৰি গ'ল গৌৰৱ গগৈক সমালোচনা ৷ নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজৰ দুখৰ কথা,খাতি খোৱা মানুহৰ মনৰ কথা সোণৰ চামুচ মুখত লৈ জন্মা গৌৰৱ গগৈয়ে বুজি নোপোৱাৰ লগতে সংসদত কোনো এটা বিষয় বলিষ্ঠভাৱে উপস্থাপন কৰিব নোৱাৰিলে বুলিও গৌৰৱ গগৈক কটাক্ষ কৰে ৷

ABOUT THE AUTHOR

...view details