গোলাঘাট, 20 আগষ্ট: এইবাৰ গোলাঘাটত ওলাইছে ডন (Don in Golaghat) ৷ ডনৰ প্ৰকোপত শান্তি নোহোৱা নোহোৱা হৈছে জিমৰ যুৱক-যুৱতীৰ লগতে খোদ প্ৰশিক্ষকৰো ৷ বলীউডৰ কায়দাৰে ভয় ভাবুকি তথা দুৰ্ব্যৱহাৰ কৰে লোকক ৷
ৰাজ্য চৰকাৰে অপৰাধীৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ নলওক কিয় এতিয়াও একাংশ অপৰাধীয়ে আৰক্ষীৰ এনকাউণ্টাৰ আৰু কঠোৰতম শাস্তিকো ভ্ৰূক্ষেপ নকৰি সমাজত চলাইছে আতংক ৷ এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গোলাঘাটত ৷ নিজকে ডন সজাই মহছিন আলীয়ে চিনেমাৰ কায়দাৰে জিম ইনষ্ট্ৰাক্টৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে (Gym instructor beaten up brutally) ৷
কুকুৰৰ পোৱালী দিয়াৰ চলেৰে জিম প্ৰশিক্ষকক গুৰুলা গুৰুল প্ৰহাৰ ঘটনাৰ বিৱৰণী অনুসৰি মহছিল আলী গোলাঘাট জিমখানা নামৰ জিমটোৰ এগৰাকী সদস্য ৷ কিন্তু মহছিনে প্ৰায়েই জিমত অহা যুৱকসকলৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ লগতে যুৱতীসকলক অশ্লীল দৃষ্টিৰে চায় ৷ ফলত জিমটোলৈ অহা সদস্যসকলে মহছিনৰ বিৰুদ্ধে অভিযোগ দিছিল জিম প্ৰশিক্ষক সুমিত চন্দক ৷ সুমিতেই সেই অনুসৰি এই অভিযোগসমূহ জিমটোৰ স্বত্বাধিকাৰীগৰাকীক অৱগত কৰে ৷ স্বত্বাধিকাৰীজনে জিমলৈ আহি মহছিনক আগলৈ এনে কাৰ্য সংঘটিত নকৰিবলৈ বুজনি দিয়ে ৷ মহছিনেও স্বত্বাধিকাৰীজনৰ কথাত হয়ভৰ দিয়ে ৷
ইয়াৰ পিছতে মহছিনে সুমিতক তেওঁৰ ঘৰত এটা কুকুৰ পোৱালী আছে বুলি জনাই কয় যে যিহেতু সুমিতে কুকুৰ বহুত ভাল পায় সেইবাবে সুমিতে ইচ্ছা কৰিলে সেই পোৱালীটো মহছিনৰ পৰা ল’ব পাৰে ৷ এই কথা শুনি সুমিতে মহছিনক শুকুৰবাৰে সন্ধিয়া জিম শেষ হোৱাৰ পিছত লগ কৰিবলৈ কয় ৷ কথা মতেই নিশা 8.30 বজাত সুমিতে মহছিনৰ ঘৰলৈ কুকুৰৰ পোৱালীটো নিবলৈ আহে ৷ সুমিতক মহছিনে গোলাঘাট ষ্টেশ্যনৰ পিছফাললৈ লৈ গৈ তাতে বহিবলৈ দি কয় যে কুকুৰৰ পোৱালীটো আনি আছে, গতিকে অলপ বহিব লাগিব ৷
তাৰ পিছতে সুমিতক মহছিনে কোনে তেওঁৰ বিৰুদ্ধে গোচৰ দিছিল বুলি প্ৰশ্ন কৰে ৷ সুমিতে নিজৰ কৰ্তব্যৰ খাতিৰত সেই অভিযোগ সুমিতেই দিছিল বুলি মহছিনক জানিবলৈ দিয়ে ৷ ইয়াৰ পিছতে মহছিনে সুমিতক হাতেৰে লপা-থপা দিয়ে ৷ প্ৰায় অলপ সময়ৰ পিছতেই মহছিনৰ লগৰ কেইগৰাকীমান সেই ঠাইত উপস্থিত হৈ লাঠীৰে সুমিতক প্ৰায় 2 ঘণ্টা গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি মহছিনে সুমিতক এই ঘটনাৰ গোচৰ দিবলৈ আৰক্ষীৰ কাষ নাচাপিবলৈ সকিয়নী দি সুমিতৰ ঘৰৰ লোককো উঠাই অনা হ’ব বুলি ধমকি দিয়ে ৷ আনকি মহছিনে সুমিতক উঠাই আনি হত্যা কৰি পেলাই দিব বুলিও ভয় ভাবুকি দিয়ে বুলি জানিবলৈ দিয়ে ৷
ইতিমধ্যে মহছিনে সুমিতৰ ঘৰৰ পৰিয়ালক ফোনযোগে দাবী ধমকি দিছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ভুক্তভোগী সুমিতে ৷ অৱশেষত সুমিতে শনিবাৰে পুৱা গোলাঘাট সদৰ থানাত এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে মহছিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে মহছিনক বিচাৰি তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও পলাতক অৱস্থাত আছে অভিযুক্তটো ৷
লগতে পঢ়ক:মহানগৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই ATM প্ৰৱঞ্চক