বোকাখাত, 2 মে’ :গোলাঘাট জিলাৰ বোকাখাতত নিশা চাঞ্চল্যকৰ ঘটনা ৷ বোকাখাতত নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় আৰু আৱাস গৃহৰ চৌহদত সোমবাৰে নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনাটো ৷ মহকুমা আৰক্ষী বিষয়া ৰেণুকান্তলা শীতল কুমাৰৰ নিৰাপত্তাৰ দ্বায়িত্ব থকা বন্দুকধাৰী জোৱানে ব্যৱহাৰ কৰা AK 47 বন্দুকৰ পৰাই এক জাই গুলী ফুটিছিল বুলি জানিবলৈ পৰা গৈছে (Gunshot at Bokakhat) ৷
নিৰাপত্তাৰক্ষী চাৰিজনৰ মাজত হোৱা মনোমালিন্যৰ বাবেই চুটেলাল শৰ্মা নামৰ জোৱানজনে নিজে ব্যৱহাৰ কৰা AK 47 বন্দুকেৰে শূন্যলৈ এক জাই গুলী ফুটাইছিল বুলি জানিবলৈ পৰা গৈছে ৷ ইফালে এই ঘটনাৰ বিষয়ে জানিব পাৰি নিশাই বোকাখাত আৰক্ষীয়ে চাৰি নিৰাপত্তাৰক্ষীক আটক কৰে ৷ ঘটনাটোৰ সৈতে জড়িত চাৰি নিৰাপত্তাৰক্ষীৰ পৰা আৰক্ষীয়ে জব্দ কৰে তেওঁলোকৰ চাৰিটা AK 47 বন্দুক ৷
আটক নিৰাপত্তাৰক্ষীকেইজন কংকন পাটৰ, কংকন দাস, মাধুৰ্য বৰঠাকুৰ, চুটেলাল শৰ্মা বুলি জানিবলৈ পৰা গৈছে ৷ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে পুৱাই ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে ঘটনা সন্দৰ্ভত চাৰি নিৰাপত্তাৰক্ষীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে (Bokakhat police station) ৷