অসম

assam

ETV Bharat / state

সৰুপথাৰ-বোকাজান সংযোগী পথৰ দুৰৱস্থা - গড়কাপ্তানী বিভাগ

গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ সৰুপথাৰ-চুঙাজান হৈ বোকাজান সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিগত তিনি বছৰৰ পৰা মেৰামতিৰ অভাৱত বিধ্বস্ত ৰূপ ধাৰণ কৰিছে পথটোৱে ৷

সৰুপথাৰ-বোকাজান সংযোগী পথৰ দুৰৱস্থা

By

Published : Jun 24, 2019, 1:24 PM IST

সৰুপথাৰ, 24 জুনঃ প্ৰায় বিশ কিলোমিটাৰ দৈৰ্ঘৰ সৰুপথাৰ-বোকাজান সংযোগী গড়কাপ্তানি পথ নিৰ্মাণ কৰা চাৰিবছৰ অতিক্ৰম হ'ল ৷ কিন্তু নিৰ্মাণ কৰা দিনৰে পৰা ক্ৰমাত বিধ্বস্ত হ'বলৈ ধৰিছে এই পথটো ৷

সৰুপথাৰ-বোকাজান সংযোগী পথৰ দুৰৱস্থা

নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলতেই পথটোৰ চুঙাজান অঞ্চলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসীয়ে | পথৰ দুৰৱস্থাৰ ফলত অঞ্চলটোত সঘনাই দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হয় ৷ আনহাতে পথছোৱা মেৰামতিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ৷

ABOUT THE AUTHOR

...view details