অসম

assam

ETV Bharat / state

মন্দিৰৰ পূজাৰীক সাহায্য প্ৰদান ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসৰ - ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱ দৌল

দেৰগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুস্থান ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসৰ প্ৰশংসনীয় পদক্ষেপ । অতিমাৰীৰ সংকটকালত মন্দিৰৰ পূজাৰীক প্ৰদান কৰিলে খাদ্য, সামগ্ৰী । দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱ দৌলকে ধৰি বৃহত্তৰ দেৰগাঁও অঞ্চলৰ বহুকেইটা ধৰ্মানুস্থানৰ সৈতে জড়িত বহুসংখ্যক পৰিয়ালৰ মুখত এমুঠি অন্ন যোগান ধৰিলে ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসে ।

golaghat
ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 27, 2021, 11:01 AM IST

দেৰগাঁও, ২৭ মে': কৰ'ণা অতিমাৰীৰ দ্বিতীয় লহৰে দেশৰ নগৰ, চহৰ, গাঁৱে-ভূঞে যি সংহাৰ চলাইছে তাৰ ব্যতিক্ৰম নহয় দেৰগাঁৱো । বিগত দিনসমূহত দেৰগাঁৱৰ বহু কেইগৰাকী ব্যক্তিয়ে অতিমাৰীৰ ফৱলত প্ৰাণ হেৰুৱায় । লগতে দেৰগাঁও নগৰ তথা গ্ৰামাঞ্চলত হোৱা ব্যাপক সংক্ৰমণৰ মোকাবিলা কৰাৰ অৰ্থে প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি যি বাধা নিষেধ বলৱৎ কৰিছে সিয়ে সমাজৰ দৰিদ্ৰ খাটি খোৱা শ্ৰেণীক যথেষ্ট আহুকালত পেলোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ ক'ভিড অতিমাৰীৰ সংক্ৰমণ ৰোধৰ পদক্ষেপ হিচাপে চৰকাৰী নিৰ্দেশনাযোগে মঠ, মন্দিৰ উপাসনাস্থলীসমূহ বন্ধ হৈ পৰাত ব্যাপক অভাৱ অনাতনৰ সন্মুখীন হৈছে এই মঠ মন্দিৰৰ দৰ্শনাৰ্থীৰ দান বৰঙণিৰে পেট প্ৰৱৰ্তোৱা একাংশ লোক । এনে মানৱীয় সংকটকালত সেৱাৰ মূলমন্ত্ৰ সাৰোগত কৰি আগবাঢ়ি আহিছে দেৰগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুস্থান ডাঃ হেডগাৱাৰ কল্যাণ ন্যাস ।

ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসৰ প্ৰশংসনীয় পদক্ষেপ

বিগত দিনসমূহত বিভিন্ন সামাজিক সেৱামূলক কাৰ্যৰে নিজকে প্ৰতিষ্ঠা কৰা ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসৰ দেৰগাঁও শাখাই বুধবাৰে দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱ দৌলকে ধৰি বৃহত্তৰ দেৰগাঁও অঞ্চলৰ বহুকেইটা ধৰ্মানুস্থানৰ সৈতে জড়িত বহুসংখ্যক পৰিয়ালৰ মুখত এমুঠি অন্ন যোগানৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ন্যাসৰ দেৰগাঁও শাখাৰ সম্পাদক অভিজিত বৰাৰ নেতৃত্বত ন্যাসৰ বহুকেইজন কৰ্মকৰ্তাই অত্যাৱশ্যকীয় ৰেচনৰ একো একোটা টোপোলা এই ভুক্তভোগী পৰিয়ালসমূহক যোগান ধৰে ।

খাদ্য সামগ্ৰী বিতৰণ

দাতব্য সংস্থাটোৱে গ্ৰহণ কৰা এই পদক্ষেপে পৰিয়ালসমূহক যথেষ্ট সকাহ দিয়াৰ লগতে সমাজৰ সচেতন মহলেও ইয়াক একেমুখে শলাগ লৈছে । যোৱা দিনসমূহত পলিথিন মোনা বৰ্জনৰ অৰ্থে মৰাপাটৰ মোনা বিতৰণ তথা কৰ'ণা সংক্ৰমণ ৰোধৰ অৰ্থে মাক্স, চেনিটাইজাৰ বিতৰণ, ৰাজহুৱা স্থান ছেনিটাইজেচন আদি বহু জনসেৱামূলক কৰ্ম কৰি অহা ডাঃ হেডগাৱাৰ কল্যাণ ন্যাসে অনাগত দিনবোৰতো এইদৰে আৰ্তজনৰ সেৱাৰ্থে নিৰন্তৰ কাম কৰি যাব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: দলীয় কৰ্মীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ উচিত তদন্ত দাবী আক্ৰাছুৰ

ABOUT THE AUTHOR

...view details