গোলাঘাট, 16 মাৰ্চঃ সোমবাৰে দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ বাৰিকৰ নেতৃত্বত এটা আৰক্ষী দলে উৎখাত কৰে অবৈধ জুৱাআৰু সুৰাৰ আড্ডা ৷ দীৰ্ঘদিনৰ পৰা গোলাঘাট আৰু যোৰহাট জিলা বিভক্ত কৰা কাকডোঙা নদীৰ যোৰহাট দিশৰ চাবুকধৰা ঘাটৰ দলংৰ কাষতে এই আড্ডা চলি আহিছিল ৷ এই তথ্য লাভ কৰাৰ পাচতেই আৰক্ষীৰ দলটো তাত উপস্থিত হয় ৷ আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি জুৱাৰী কেইজন কাকডোঙা নদী পাৰ হৈ পলায়ন কৰে, যাৰ ফলত এজনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰিলে ৷
গোলাঘাটত জুৱা-চুলাই মদৰ ঘাটি উৎখাত
দীৰ্ঘদিনৰ পৰা চাবুকধৰা ঘাটৰ দলংৰ কাষত চলি আহিছিল জুৱা-মদৰ আড্ডা ৷ দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই উৎখাত কৰে এই আড্ডা ৷
গোলাঘাটত জুৱা-চুলাই মদৰ আড্ডা উৎখাত
অৱশ্যে আৰক্ষীয়ে AS-03X-3044 নম্বৰৰ লগতে এখন নম্বৰ প্লেট বিহীন মটৰচাইকেল জব্দ কৰে ৷