গোলাঘাট, 29 এপ্ৰিলঃ অসমৰ প্ৰাচীন শিল্পক অধিক মেটমৰা কৰাৰ বাবে ওৰেটো জীৱন বৰ্তি থকা বহু লোকৰ মাজত এজন হৈছে গোলাঘাটৰ শিল্পী কানুৰাম বৰা। গুৰুজনাৰ গীত মাতেৰেই নহয়, শিল্পী জনাৰ সু-নিপুন হাতৰ পৰশত প্ৰাণ পায় উঠিছে দৈত্য, দানৱ, দেৱতা মূৰ্তি । গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ কানুৰাম বৰাই বৰ্তমান পাৰ কৰিছে ৮৮ বছৰীয়া এক সোণালী যাত্ৰা।
অসমীয়া সংস্কৃতিৰ সেন্দুৰীয়া পথ অংকিত কৰা কানুৰাম বৰা... - Golghat artist Kanuram bora etv bharat assam
সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষতো সৰ্বাত্মকভাৱে লকডাউন। এই সময়ছোৱাত সকলোৱে ঘৰতে আৱদ্ধ হৈ কিবা এটা কৰাৰ প্ৰয়াস কৰিছে। সমান্তৰালকৈ অসমীয়া সংস্কৃতিৰ সেন্দুৰীয়া পথ অংকিত কৰা এগৰাকী শিল্পীও ব্যস্ত হৈ আছে গুৰুজনাৰ সৃষ্টিৰ সাধনাত...
১৯৩২ চনত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে ৮ বছৰ বয়সৰ পৰাই শিল্প কৰ্মত ব্যস্ত হৈ পৰে । তাহানিতে মাটিৰে বিভিন্ন জীৱ-জন্তু তৈয়াৰ কৰি প্ৰতিভা বিকাশ কৰিছিল কানুৰাম বৰাই । কেৱল মুখা শিল্পী হিচাপে নহয় কানুৰাম বৰাৰ দখল আছিল শিক্ষা, গায়ন-বায়ন, ভাওৰীয়া, ৰাজহুৱা বিচাৰকৰ দিশটো । আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল যদিও ব্ৰহ্মপুত্ৰ অঞ্চলত বিদ্যালয় স্থাপন কৰাৰ দূৰ্দান্ত সপোন আছিল শিল্পীগৰাকীৰ । সেইবাবে চৰ অঞ্চলৰ জৰাগুৰীত এখন প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰিবলৈ ভূমি দান কৰিছিল শিল্পীগৰাকীয়ে।
উল্লেখ্য যে, ইতিমধ্যে কেবাটাও নামঘৰৰ আসন, তোৰণ নিৰ্মাণ কৰি পৰিচিত হৈ পৰিছে শিল্পী কানৰাম বৰা । বৰ্তমান বকুল বৃন্দাবনত তেওঁৰ হাতৰ পৰশত প্ৰাণ পাইছে মুখা, আসন আৰু খোলৰ হৰি ধ্বনি। দেৰগাঁৱৰ জৰাগুৰিস্থিত নিজা গাঁৱত শিল্পী গৰাকীয়ে বাঁহৰ বেৰেৰে আগুৰি লোৱা বকুল বৃন্দাবন আশ্ৰমতে নিজৰ সৃষ্টিৰ মাজত জীৱন অতিবাহিত কৰিছে । কিন্তু নিজ সৃষ্টিৰাজি সংৰক্ষণ কৰি ৰাখিবলৈ কোনো পন্থা নাই তেওঁৰ হাতত ৷ অবিৰতভাৱে অসমীয়া সংস্কৃতিক চহকী কৰা ৮৮ বছৰীয়া শিল্পীগৰাকীয়ে আজিও লাভ নকৰিলে চৰকাৰী পেঞ্চন । এতিয়া জীৱন নিৰ্বাহৰ বাবে নহয় ভৱিষ্যতে শিল্পীৰূপে পৰিচিত হৈ থাকিবলৈ শিল্পী পেঞ্চন বিচাৰিছে কানুৰাম বৰাই ....