অসম

assam

ETV Bharat / state

গোলাঘাটত বিষাক্ত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

প্ৰত্যেক দলৰে নিৰ্বাচনী ইস্তাহাৰত মদ মুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণৰ দাবী মদ মুক্ত দাবী সমিতিৰ

By

Published : Mar 27, 2019, 5:08 PM IST

গোলাঘাটত বিষাক্ত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাট,27মাৰ্চ: ৰাজপথত নাগাৰাৰ চাপৰত হাত চাপৰি বজাই নচাত ব্যস্ত এদল মহিলা ৷ কোনোধৰণৰ শোভাযাত্ৰা নহয়, এক ব্যতিক্ৰমী প্ৰতিবাদহে৷ বুধবাৰে এনেদৰেই গোলাঘাটত ঘৰৰ কাম এৰি ৰাজপথলৈ ওলাই আহিল শতাধিক গৃহিনী। বহুসময়ত সুৰাসক্ত স্বামী অথবা পুৰুষৰ পৰা নিৰ্যাতনৰ বলি হোৱা মহিলাসকলে বুধবাৰে এনেদৰেই বিষাক্ত চুলাই মদ আৰু লালীগুৰৰ বিৰোধিতা কৰি ব্যতিক্ৰমী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

গোলাঘাটত বিষাক্ত সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

উল্লেখ্য যে কিছুদিন পূৰ্বে বিষাক্ত চুলাই মদ সেৱন কৰি গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকতকৈ অধিক মানুহৰ মৃত্যু হৈছিল। যাৰ পাচত এই চুলাই মদ আৰু লালীগুৰৰ বিৰোধিতা কৰি বহু সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসম মদ মুক্ত দাবী সমিতিয়ে। কিন্তু প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিও লালীগুৰ আৰু মদ নিষিদ্ধ কৰাবলৈ সক্ষম নহ'ল মদ মুক্ত দাবী সমিতি। যাৰ বাবে বুধবাৰে অসম মদ মুক্ত দাবী সমিতিয়ে মহিলাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মহিলাসকলে নিৰ্বাচনী ইস্তাহাৰত মদ মুক্ত ভাৰত গঢ়া অন্তৰ্ভুক্ত কৰিবলৈ প্ৰত্যেকটো দলকেই দাবী জনায়৷ ইপিনে প্ৰতিবাদৰ মাজে মাজে নাগাৰা আৰু বৰতালৰ ধ্বনিৰ লগতে নাগাৰা নামত অসমৰ পৰা সুৰামুক্ত কৰাৰ কথা উল্লেখ কৰি প্ৰতিবাদী ৰাইজে ৰাজপথ উত্তাল কৰে।

ABOUT THE AUTHOR

...view details