গোলাঘাট,15 অক্টোবৰ: অৱশেষত অসম আৰক্ষীক কলুষিত কৰা অভিযুক্ত আৰক্ষী বিষয়া বচন সিঙৰ বিৰুদ্ধে মুখ খুলিলে ধৰ্ষিতা মহিলা আৰক্ষীয়ে ।
গোলাঘাটৰ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত 2 অক্টোবৰত সংঘটিত হৈছিল জঘন্য অপৰাধ কাণ্ড । ঘটনা অনুসৰি,আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চিডিআই বচন সিঙে আৰক্ষীৰ প্ৰশিক্ষণ লৈ থকা এগৰাকী মহিলা আৰক্ষীক কাৰ্যালয়ৰ নিজ কোঠালৈ মাতি নি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । বিবাহিতা ধৰ্ষিতা মহিলা আৰক্ষী গৰাকীয়ে অসুস্থ শৰীৰেৰে স্বামীগৃহ গুৱাহাটী পাইছিল ৷