অসম

assam

গোলাঘাটৰ ৰাজপথত দিনদুপৰতে বন্যহস্তীৰ ত্ৰাস

By

Published : Jan 7, 2020, 6:30 PM IST

গোলাঘাটত বন্যহস্তীৰ ত্ৰাস, দিন দুপৰতে ৰাজপথ পাৰ হোৱা বন্যহস্তীৰ জাকৰ বাবে স্তব্ধ হৈ পৰিল যাতায়াত ৷ হাতীৰ জাকে মহতিয়াই নিলে এখন স্কুটী, কথমপি প্ৰাণৰক্ষা স্কুটি আৰোহীৰ ৷

গোলাঘাটৰ ৰাজপথত দিনদুপৰতে বন্যহস্তীৰ ত্ৰাস
গোলাঘাটৰ ৰাজপথত দিনদুপৰতে বন্যহস্তীৰ ত্ৰাস

গোলাঘাট,7 জানুৱাৰীঃগোলাঘাটৰ পোৰাবাংলাত দিন দুপৰতে বন্যহস্তীৰ উপদ্ৰৱ। 100 টা হাতীৰ এটা বৃহৎ বন্যহস্তীৰ জাকে গোলাঘাট পোৰাবাংলাত দিন দুপৰতে ত্ৰাসৰ সৃষ্টি কৰে । দিন দুপৰতে বন্যহস্তীৰ জাকে এনেদৰে বিচৰণ কৰাত শংকিত হৈ পৰে স্থানীয় লোকসকল ৷ উল্লেখ্য যে, গোলাঘাটত বন্যহস্তীৰ মুক্ত বিচৰণ এয়েই প্ৰথম নহয় ৷ পূৰ্বতেও গোলাঘাটত বন্যহস্তীৰ জাকে চলাই আহিছে ত্ৰাস ৷

বন্যহস্তীৰ জাকৰ বাবে স্তব্ধ হৈ পৰিল যাতায়াত

ইফালে মঙলবাৰে হাতীৰ জাকটোৰ পৰা 15-16 টা বন্যহস্তীয়ে ফালৰি কাটি আতৰি আহি পোৰাবাংলা 39নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি আন দিশলৈ গুচি যায় । যাৰফলত বহু সময় ধৰি 39 নং ৰাষ্ট্ৰীয় ঘাইপথটোত অচল হৈ পৰে যাতায়ত ব্যৱস্থা। হাতীৰ জাকটোৱে ঘাইপথ অতিক্ৰম কৰাৰ সময়ত মহতিয়াই নিয়ে এখন AS-05N-1869 নম্বৰৰ স্কুটি । অৱশ্যে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে স্কুটি আৰোহীজনৰ ।

গোলাঘাটৰ ৰাজপথত দিনদুপৰতে বন্যহস্তীৰ ত্ৰাস

ইয়াৰ পিচতে লেতেকুজান চাহ বাগিচাৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি হাতীৰ জাকটোৱে প্ৰৱেশ কৰে জনাঞ্চলত। স্থানীয়লোকে বন বিভাগৰ গাফিলতিৰ বাবেই এনেধৰণৰ হাতী মানুহৰ সংঘাত হোৱা অভিযোগ কৰিছে ৷ কিয়নো গোলাঘাটৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে খেতি পথাৰ, ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ বন্যহস্তীৰ এই ধাৰাবাহিক তাণ্ডৱত বিপৰ্যস্ত গঞা ৰাইজে বনবিভাগৰ সহায় বিচাৰিও বাৰে বাৰে বিফল হ'বলগীয়া হৈছে ৷

লগতে চাওকঃ সৰ্বানন্দ, হিমন্তৰ সুমতি বিচাৰি ঢেকীয়াখোৱা বৰ নামঘৰত আশিস ৰাইজৰ

ABOUT THE AUTHOR

...view details