অসম

assam

By

Published : Oct 21, 2020, 9:57 PM IST

ETV Bharat / state

বহুকেইটা কাৰ্যসূচীৰে গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বছৰ বছৰ ধৰি বন্ধ হৈ থকা গোলাঘাটৰ ডাবিডুবি স্থীত শ্বহীদ কুশল কোঁৱৰ সমবায় সুতা কলৰ ভূমিত আধাৰ শিলা স্থাপন। বন্ধ হৈ থকা উদ্যোগটোৰ ভূমিত ভাৰতবৰ্ষৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপনৰ আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

golaghat visited sarbanada sonowal
বহুকেইটা কাৰ্যসূচীৰে গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গোলাঘাট,21অক্টোবৰঃ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২০-২১বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰাৰ পিছতেই উপস্থিত হয় গোলাঘাটৰ ডাবিডুবিত। ডাবিডুবিত নুমলীগড় তেল শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ভূমি পূজা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নুমলীগড় তেল শোধনাগাৰৰ ৰন্ধন গেছৰ বটলিং প্ৰকল্পৰ ভূমি পূজাত সহযোগিতা আগবঢ়াই মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক মৃনাল শইকীয়া আৰু ঋতুপৰ্ণ বৰুৱাই।

বহুকেইটা কাৰ্যসূচীৰে গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই ভূমিপূজা কৰা হয় বছৰ বছৰ ধৰি বন্ধ হৈ থকা গোলাঘাটৰ ডাবিডুবি স্থিত শ্বহীদ কুশল কোঁৱৰ সমবায় সুতা কলৰ ভূমিত। ইয়াৰ পিছতেই বন্ধ হৈ থকা উদ্যোগটোৰ ভূমিত ভাৰতবৰ্ষৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপনৰ আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বহুকেইটা কাৰ্যসূচীৰে গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উক্ত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোৰ নামাকৰণ কৰা হয় ‘শ্বহীদ কুশল কোঁৱৰ অসম আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ’। আধাৰ শিলা স্থাপনৰ পিছতেই এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অতুল বৰা, কামাখ্যা প্ৰসাদ তাছা, মৃনাল শইকীয়া, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, মমিনুল আৱাল, অসম উদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ আৰু অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাই ।

বহুকেইটা কাৰ্যসূচীৰে গোলাঘাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে এই বাণিজ্য কেন্দ্ৰটোৰ আধাৰ শিলা স্থাপন কৰা হৈছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰো লয় শলাগ। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ এই বাণিজ্য কেন্দ্ৰটো সক্ষম হ’ব বুলি জানিব দিয়ে। একেখন সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে নুমলীগড় তেল শোধনাগাৰৰ ৰন্ধন গেছৰ বটলিং প্ৰকল্পত ২৩হাজাৰ কোটি টকা অনুমোদন দিয়া বুলিও জানিব দিয়ে।

লগতে পঢ়কঃ মৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ

ABOUT THE AUTHOR

...view details