গোলাঘাট, 17 আগষ্টঃ ৰাজ্যৰ শিক্ষাক্ষেত্ৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ মৃত্যুমুখী যাত্ৰা অব্যাহত থকাৰ সময়তে গোলাঘাট জিলাৰ নুমলীগড়স্থিত এখন চৰকাৰী বিদ্যালয়ৰ অভূতপূৰ্ব উত্তৰণে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ শৈক্ষিক মহলৰ ৷ প্ৰায় 7 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা 1963 চনত স্থাপিত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যায়তনিক মানদণ্ড,আন্তঃগাঁথনি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত শ্ৰীবৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা উপলব্ধ ৷ এই ক্ষেত্ৰত বিদ্যালয়খনৰ স্থান বহু চৰকাৰী খণ্ডৰ বিদ্যালয়তকৈ ওপৰত থকাৰ বিপৰীতে বহু বেচৰকাৰী বিদ্যালয় বা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সৈতে একেলগে ফেৰ মৰাৰ সামৰ্থ থকা পৰিলক্ষিত হৈছে ৷ আধুনিক ডিজিটেল শ্ৰেণী কোঠা,খেলাধূলাৰ বাবে অত্যাধুনিক সা-সামগ্ৰী,সকলো আছে বিদ্যালয় খনত। বিদ্যালয় খনৰ প্ৰধান শিক্ষক মহেন শইকীয়াৰ নেতৃত্বত শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলক শিক্ষা,খেলাধূলাৰ মাজেৰে মানসিক আৰু শাৰীৰিক ভাৱে আগবঢ়াই নিবলৈ দৈনিক প্ৰচেষ্টা অব্যাহত ৰাখিছে । মূলতঃ চাহ জনগোষ্ঠী সমাজৰ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন পৰিৱেশ সংৰক্ষণ,পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ দিশত আন চৰকাৰী বিদ্যালয়ৰ তুলনাত বহু উৰ্ধত।
চৰকাৰী বিদ্যালয়ৰ দুৰ্দিনৰ সময়ত জিলিকিছে এখন চৰকাৰী বিদ্যালয়
গোলাঘাট জিলাৰ নুমলীগড়স্থিত এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শৈক্ষিক মহলৰ ৷ ৰাজ্যত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বেয়া দিন চলি থকাৰ সময়ত বিদ্যালয়খনৰ উত্তৰণে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি ৷
ইতিমধ্যে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন প্ৰান্তত বহু খেলৰ প্ৰতিযোগিতাত ভাগ লৈ আজুৰি আনিছে বহু খিতাপ। কেৱল পাঠ্যপুথিৰ জ্ঞানৰ মাজতে ছাত্ৰ ছাত্ৰী সকলক আবদ্ধ নাৰাখি শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলক আন আন দিশ পৰিৱেশ সংৰক্ষণ,খেলাধূলা, পৰিষ্কাৰ পৰিচ্ছন্নতাকে ধৰি সকলো দিশতে সমানে আগবঢ়াই নিয়াৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ বিদ্যালয়খনৰ সামগ্ৰিক সাফল্যৰ প্ৰতিদানস্বৰূপে বিগত সময়ত অসম চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানৰ পৰা বহু কেইটা পুৰস্কাৰ বুটলি আনিবলৈ সক্ষম হৈছে । এনেদৰেই এতিয়া নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়খন হৈ পৰিছে অন্যান্য চৰকাৰী বিদ্যালয়ৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰবিন্দু ।