অসম

assam

ETV Bharat / state

ৰং তুলিকাত জীৱন্ত হৈ উঠিল গোলাঘাটৰ ৰাজপথ

গোলাঘাটৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী কণ কণ ছাত্ৰ-ছাত্ৰীসকলে লাইভ পেইণ্টিংৰ যোগেদি সমসাময়িক সমাজক জনাই গ'ল প্ৰত্যাহ্বান দি গ'ল যেন শুভবাৰ্তা ৷ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল সাম্প্ৰতিক সমাজ জীৱনৰ বাস্তৱ প্ৰতিচ্ছবি ৷

ৰং তুলিকাত জীৱন্ত হৈ উঠিল গোলাঘাটৰ ৰাজপথ

By

Published : Jul 31, 2019, 10:54 AM IST

গোলাঘাট, 31 জুলাই:গোলাঘাটৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নৱ আৰ্টৰ উদ্যোগত ডাকঘৰ চাৰিআলিত অনুষ্ঠিত লাইভ পেইণ্টিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিনন্দন চিত্ৰই দি গ'ল যেন এক অনন্য বাৰ্তা ৷ বাস্তৱ পৃথিৱীখনত মানৱ সমাজে সচৰাচৰ মুখামুখি হৈ থকা বিভিন্ন প্ৰশ্ন, যুক্তি তথা বিতৰ্ক আদিবোৰ যেন কিছুসময়ৰ বাবে গোলাঘাটৰ ৰাজপথত জীৱন্ত হৈ উঠিল ৷ নৱ চিন্তা,নতুন ধ্যান ধাৰণা আৰু নতুনত্বৰ পথ সন্ধানী এচাম শিশু আৰু কিশোৰ-কিশোৰীয়ে আলোকিত কৰি তুলিলে গোলাঘাটৰ ৰাজপথ ৷ সমাজৰ ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাই ছবিৰ কথাৰে প্ৰত্যুত্তৰ জনাইছে বাস্তৱিক সমাজখনক । নিভাঁজ তথা দেৱতুল্য মনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ তুলিকাত জ্বিলিকি উঠিল শিশু শ্ৰমিকৰ বিৰহ, বন ধ্বংস, হাতী মানুহৰ সংঘাত আদিবোৰ বিষয় ৷ এইসকল ছাত্ৰ ছাত্ৰীৰ কোমল হাতৰ পৰশৰ কুমলীয়া মনটোৱে সিচি দিলে গভীৰ বাৰ্তা । মনোজ্ঞ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত গোলাঘাট জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰি সহকাৰী আয়ুক্ত পূজা পূনম গগৈ,মুখ্য অতিথি হিচাপে শিক্ষয়িত্ৰী তথা কবি ছবি বৰুৱা, বিশিষ্ট অতিথি হিচাপে নাট্যকাৰ কবি পলাশ লইঙে অংশগ্ৰহণ কৰে ।

ৰং তুলিকাত জীৱন্ত হৈ উঠিল গোলাঘাটৰ ৰাজপথ

ABOUT THE AUTHOR

...view details