গোলাঘাট, 28 নৱেম্বৰ: গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে নিকু শইকীয়া আৰু পিকু শইকীয়া। গোলাঘাট আৰক্ষীৰ 'মষ্ট ৱানটেড'নিকু শইকীয়াক গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নিকু শইকীয়া বহু সময় ধৰি গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল। যোৰহাট জিলাৰ তিতাবৰৰ বাসিন্দা নিকু শইকীয়া। নিকু শইকীয়াই গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰাই এই ব্যৱসায় পৰিচালনা কৰিছিল। কলেজৰ নিচেই সমীপত ছাত্ৰৰ সৈতে একেলগে ভাড়া লৈ থকা নিকু শইকীয়াৰ পৰা বহু ছাত্ৰ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ সন্দেহ।
গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী - গোলাঘাট ড্ৰাগছ সৰহবৰাহকাৰী আটক
গোলাঘাট আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে পিকু শইকীয়া আৰু নিকু শইকীয়া নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰী দুজনে গোলাঘাট আৰু যোৰহাটত ড্ৰাগছ যোগান ধৰি আহিছিল ৷ গোলাঘাট কমাৰ্চ কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰাই এই ব্যৱসায় চলি আছিল ৷
![গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী Golaghat two Drugs dealer arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5200106-thumbnail-3x2-drugs.jpg)
গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী
গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী