যোৰহাট, 25 জুলাই : ৰাজ্য কঁপাইছে গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰে ৷ সোমবাৰে বিয়লি গোলাঘাটৰ মাজ মজিয়াত জোৱাঁয়েকে পত্নী, শাহু আৰু শহুৰক নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰিছিল ৷ এই ঘটনা সংঘটিত কৰিয়েই নিজৰ ন মহীয়া সন্তানটোক লগত লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল জোৱাঁয়েক নাজিবুৰে ৷
এই ঘটনা পোহৰলৈ অহাৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইফালে এই জঘন্য ঘটনা সংঘটিত কৰি সোমবাৰে নাজিবুৰ ৰহমান বৰাই সন্তানটিসহ গোলাঘাট সদৰ থানাত আত্মসমৰ্পণ কৰিছিল ৷ ইয়াৰ পিচত মঙলবাৰে অভিযুক্ত হত্যাকাৰী নাজিবুৰক লগত লৈ চিআইডিয়ে ঘটনা সন্দৰ্ভত অভিযান চলায় ৷ স্নিফাৰ ডগৰ সহায় তদন্তকাৰী দলটোৱে অভিযান চলাওঁতে গডৰেজৰ তলত লুকুৱাই থোৱা অৱস্থাত হত্যাকাণ্ড সংঘটিত কৰা দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি দাখন উদ্ধাৰৰ পিচতে হত্যাকাণ্ডৰ ৰহস্য উদঘাটন বাবে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰিছে তদন্তকাৰী দলটো ৷ তদন্তকাৰী দলটোৱে ঘটনা সংঘটিত কৰা স্থানত তন্নতন্নকৈ বিভিন্ন স্থান পৰীক্ষা কৰে ৷