গোলঘাট, 24 ডিচেম্বৰ :নববৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ 31 ডিচেম্বৰৰ নিশা সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা ৰাজ্যবাসীক বিৰত থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ৷ সুৰাপান কৰি নিশা যান-বাহন চলোৱা সকলৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিবহণ বিভাগ তথা আৰক্ষীয়ে চলাইছে অভিযান ৷ যান-বাহন আইন অমান্য কৰি বাহন চলোৱাৰ ফলত বহুতে ভৰিব লগীয়া হৈছে জৰিমনা ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে বুধবাৰে নিশা গোলাঘাট জিলা পৰিবহন বিভাগ আৰু বোকাখাত আৰক্ষীৰ নেতৃত্বত বোকাখাতৰ সুৰাসক্ত চালকৰ বিৰুদ্ধে এক অভিযান চলায় (Operation drive against drink and drive)৷ বিশেষকৈ নিশাৰ ভাগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা সকলো ট্ৰাক চালক-হেণ্ডিমেনক সুৰা সেৱন পৰীক্ষা কৰাৰ লগতে অত্যাধিক বোজা কঢ়িয়াই নি পৰিবহন আইন ভংগ কৰা বাহনৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰে (Golaghat police operation against drink and drive) ।