অসম

assam

ETV Bharat / state

গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ - GOLAGHAT TETELITOL

লক ডাউনৰ সময়ছোৱাত আবুৰ লগতে গোলাঘাটৰ কেইবাগৰাকী গুটখা ব্যৱসায়ীয়ে অধিক মূল্যৰ বিনিময়ত চলাই আহিছিল নিষিদ্ধ ঘোষিত উক্ত ব্যৱসায়। আবুৰ ঘৰৰ পৰা আৰক্ষীয়ে দুশ কাৰ্টুন শিখৰ,ৰজনীগন্ধা আৰু জৰ্দা উদ্ধাৰ কৰি জব্দ কৰে।

গুটখা আৰু জৰ্দা জব্দ
গুটখা আৰু জৰ্দা জব্দ

By

Published : Jun 30, 2020, 10:55 AM IST

গোলাঘাট, 30 জুনঃগোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ। কৰ'ণা সংক্ৰামণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটত নিষিদ্ধ কৰা গুটখা আৰু জৰ্দাৰ গোপনে ৰমৰমীয়া ব্যৱসায় অসাধু ব্যৱসায়ীৰ। গোলাঘাটৰ তেতেলীতলৰ গুটখা মাফিয়া আবুৰ বাসগৃহৰ পৰা উদ্ধাৰ প্ৰায় 15 লাখ টকাৰ গুটখা,জৰ্দা। লক ডাউনৰ সময়ছোৱাত আবুৰ লগতে গোলাঘাটৰ কেইবাগৰাকী গুটখা ব্যৱসায়ীয়ে অধিক মূল্যৰ বিনিময়ত চলাই আহিছিল নিষিদ্ধ ঘোষিত উক্ত ব্যৱসায়। আবুৰ ঘৰৰ পৰা আৰক্ষীয়ে দুশ কাৰ্টুন শিখৰ,ৰজনীগন্ধা আৰু জৰ্দা উদ্ধাৰ কৰি জব্দ কৰে।

গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ

পূৰ্বতেও আবুৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল যদিও এনেধৰণে বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত অভিযান চলাই জব্দ কৰা হয় এই গুটখা আৰু জৰ্দা ৷

লগতে চাওকঃ শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী

ABOUT THE AUTHOR

...view details