গোলাঘাট, 26 এপ্ৰিল : গোলাঘাটৰ নাহৰবাৰীত দেওবাৰে নাহৰফুটুকী বাঘে সন্ত্ৰাস চলোৱা আক্ৰমণত বুধন ভক্ত নামৰ এজন লোক আহত হয় । চাহ বাগিচাত কৰ্মৰত লোকজনে কামলৈ ওলাই যোৱাৰ সময়তে হঠাতে আক্ৰমণ কৰে নাহৰফুটুকীটোৱে । হাতে হাতে দা-কুঠাৰ,লাঠি লৈ নাহৰফুটুকীটো খেদিবলৈ ওলাই আহে স্থানীয় ৰাইজ ।
গোলাঘাটত নাহৰফুটুকীৰ সন্ত্ৰাস - চাহ বাগিচাত কৰ্মৰত বুধন ভক্ত
গোলাঘাটৰ নাহৰবাৰীত দেওবাৰে নাহৰফুটুকী বাঘৰ সন্ত্ৰাস ৷ আহত হয় চাহ বাগিচাত কৰ্মৰত বুধন ভক্ত নামৰ লোকজন ৷ আতংকিত হৈ পৰে অঞ্চলবাসী ৷

গোলাঘাটত নাহৰফুটুকীৰ সন্ত্ৰাস
গোলাঘাটত নাহৰফুটুকীৰ সন্ত্ৰাস
উল্লেখ্য যে,গোলাঘাটৰ এই অঞ্চলসমূহত কেইবাটাও বাঘে দীৰ্ঘদিনৰ পৰা বাঘে সন্ত্ৰাস চলাই থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। এইক্ষেত্ৰত বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক : লক ডাউন2.0 : আবদ্ধ জনতাৰ নিজ নিজ গৃহলৈ প্ৰত্যাগমন