গোলাঘাট, 11 নৱেম্বৰঃ সোমবাৰে তিনিটাকৈ শ্ৰমিক সংগঠনৰ প্ৰতিবাদত কঁপিল গোলাঘাটৰ ৰাজপথ ৷ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল হাজাৰ হাজাৰ শ্ৰমিক ৷ আনহাতে, নুমলিগড় শোধানাগাৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও সোচ্চাৰ হ’ল শ্ৰমিক সকল ৷
এন আৰ এল ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ প্ৰতিবাদ - LABOUR UNION protest at Golaghat
সোমবাৰে শ্ৰমিকৰ ন্যায্য দাবীৰ বাবে প্ৰতিবাদ কাৰ্যসূচীত নামিল তিনি শ্ৰমিক সংগঠন ক্ৰমে AITUC, CITU আৰু TUCC ৷ উক্ত প্ৰতিবাদত নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধেও সুচ্ছাৰ হ’ল শ্ৰমিক সকল ৷ প্ৰতিবাদী সমদলৰ অন্তত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে ৷
উল্লেখ্য যে, AITUC, CITU আৰু TUCCৰ নেতৃত্বত অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, ১৯৯৬ আৰু নিৰ্মাণ শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ দাবীত সোমবাৰে প্ৰতিবাদত নামিল শ্ৰমিকসকল ৷ নিৰ্মাণ শ্ৰমিক কল্যাণ আইনৰ স্বতন্ত্ৰতা ৰক্ষা কৰা, এন আৰ এলৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদি দাবীৰে গোলাঘাট নগৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে শ্ৰমিকসকলে ৷ লগতে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ পৰিষদত জমা থকা ধনৰাশি কেন্দ্ৰীয় চৰকাৰে লৈ যাব বিচৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰে শ্ৰমিক সকলে ৷ প্ৰতিবাদী সমদলৰ অন্তত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে ৷