অসম

assam

ETV Bharat / state

গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে কিলালে ৰাজুক - গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে কিলালে ৰাজুক

গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে এটা চোৰক চোৰ কৰি পলাওতে ধৰি বান্ধি উত্তম-মধ্যম দিয়ে ৷ পাছত আৰক্ষী আহি ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক ৷

গোলাঘাটত দৈগ্ৰোঙতত দিন দুপৰতে চুৰি কাৰ্য

By

Published : Nov 5, 2019, 11:49 AM IST

গোলাঘাট, 5 অক্টোবৰ: গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজৰ হাতত আটক চোৰ। দৈগ্ৰোঙত ৰাজু তাঁতী নামৰ এটা চুৰক দিন দুপৰতে হাতে লোটে ধৰে ৰাইজে । দৈগ্ৰোঙ অঞ্চলৰ তিনিটা ঘৰৰ দৰ্জা ভাঙি ভিতৰত সোমাই চুৰ কৰি পলাই যোৱা অৱস্থাতে ৰাইজে খেদি খেদি আটক কৰে চোৰটোক। তাৰ পিছতে ৰাজু তাঁতী নামৰ চোৰটোক ধৰি বান্ধি ৰাইজে উত্তম মধ্যম দিয়ে। ঘটনাৰ বহু পলম কৈ নুমলীগড় আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক। আটক হোৱা ৰাজু তাঁতীৰ ঘৰ নুমলীগড়ত। ৰাইজৰ সন্দেহ চোৰটোৰ লগত আৰু কেইবাজনো সদস্য আছিল। বৰ্তমান ৰাজু তাঁতীক নুমলীগড় আৰক্ষীৰ জিম্মাত সোধা পোচা অব্যাহত ৰাখিছে ৷

গোলাঘাটত দৈগ্ৰোঙতত দিন দুপৰতে চুৰি কাৰ্য : ৰাইজে ধৰি চোৰক দিলে উত্তম-মধ্যম

ABOUT THE AUTHOR

...view details