আৰক্ষীৰ জালত চিলনী চোৰ - GOLAGHAT
গোলাঘাট নগৰৰ পৰা বাইকেৰে অহা চিলনী চোৰে মহিলা নতুবা সাধাৰণ ব্যক্তিৰ হাতৰ পৰা সঘনাই থপিয়াই নিয়ে মোবাইল, মণিবেগ । চিলনী চোৰৰ এই সন্ত্ৰাসে চহৰখনত চাঞ্চল্য অব্যাহত ৰখাৰ সময়তে শনিবাৰে আৰক্ষীৰ জালত পৰে এটা চিলনী চোৰ ৷

গোলাঘাট, 30 মাৰ্চঃ চিলনী চোৰৰ সন্ত্ৰাসে গোলাঘাট নগৰ কঁপাই থকাৰ সময়তে সময়তে শনিবাৰে গোলাঘাট আৰক্ষীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এটা চোৰ ৷ চুৰি কৰি নিয়া এটা মোবাইলৰ জৰিয়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰঙাজানৰ সঞ্জু ভূমিজ নামৰ চোৰটোক ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে গোলাঘাটৰ কাঠকটীয়াৰ দুলু বৰা নামৰ এজন যুৱকে মোবাইলত কথা পাতি থকাৰ সময়তে বাইকত অহা চিলনী চোৰে হাতৰ পৰা কাঢ়ি নিয়ে মোবাইলটো ৷ দুলু বৰাৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি 3 নং ৰঙাজানৰ পৰা আটক কৰে সঞ্জু ভূমিজ নামৰ চিলনী চোৰটোক ৷