অসম

assam

ETV Bharat / state

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ পৰিকল্পিত হত্যাৰ সন্দেহ

গোলাঘাটৰ মৰঙি সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টাটা চুমু আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হৈ দাউ দাউকৈ জ্বলি উঠে এখন টাটা চুমু ৷ গাড়ীৰ ভিতৰতে এজন লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু ৷

By

Published : Sep 26, 2019, 10:35 AM IST

গোলাঘাটত পথ দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড?

গোলাঘাট, 26 ছেপ্টেম্বৰঃবুধবাৰে নিশা গোলাঘাটৰ মৰঙি সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ টাটা চুম' আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত দাউ দাউকৈ জ্বলি উঠিল টাটা চুম' খন ৷ এই দুৰ্ঘটনাটোত মুঠ 3 জন লোক নিহত হয় ৷ ইয়াৰ ভিতৰত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এজন লোকৰ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷

গোলাঘাটত পথ দুৰ্ঘটনা

তথ্যনুসৰি আবকাৰী চোৰাংচোৱা বিভাগৰ মুঠ 6 জন বিষয়া-কৰ্মচাৰী AS-01DJ-0801 নম্বৰৰ টাটা চুম' খনত গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিছিল ৷ তেনে সময়তে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁৱত বিপৰীত দিশৰ পৰা অহা NL-05G-1049 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে টাটা চুম' খনৰ মুখামুখি সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পাচতেই মুহুৰ্ততে টাটা চুম'খন জ্বলি যায় ৷ আৰু ইয়াৰ বিপৰীতে ডাম্পাৰ খনৰ কেৱল পাচৰ চকা কেইটা জ্বলে যদিও গাড়ীখন ৰক্ষা পৰে ৷ জুইত সম্পূৰ্ণ ভস্মীভূত হোৱা চুম' খনৰ ভিতৰতে ৰমেন বনজাং নামৰ এজন কনিষ্টবল অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবং চাৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে আবকাৰী বিভাগৰ সহপৰিদৰ্শক হৰেকৃষ্ণ কুমাৰৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ সম্প্ৰতি মুঠ 6 জনৰ ভিতৰত অন্য তিনিজন চিকিৎসাধীন অৱস্থাত আছে ৷ আহত লোক কেইজনৰ ভিতৰত তানু ইনজাল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ ইপিনে জাহিদুল হক (চিপাঝাৰ) আৰু চুমু খনৰ চালক কে ৰাহুল সিং ( শিলচৰ) গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

উল্লেখ্য যে আঘাতপ্ৰাপ্ত জাহিদুল হক আৰু টনু ইনজালৰ ভাষ্য অনুসৰি আবকাৰী আয়ুক্তৰ নিৰ্দেশ মতে দলটো যোৰহাট হৈ গোলাঘাটত উপস্থিত হৈছিল ৷ দলটোৱে গোলাঘাট আবকাৰী বিভাগৰ লগত দিনৰ 4:30 বজাত কথা পাতি নিশা এক গোপন অভিযানৰ বিষয়ে জনাইছিল আৰু গোলাঘাটৰ পৰা এটা আবকাৰী দল বিচাৰিছিল ৷ কিন্তু তেওঁলোকে বিচৰা আবকাৰী দলটোক নোলোৱাকৈয়ে গুৱাহাটীৰ দলটো গোলাঘাট আৱৰ্ত ভৱনৰ পৰা গুৱাহাটীৰ দিশে ওলাই গৈছিল । অৱশ্যে আবকাৰী বিভাগৰ চোৰাংচোৱাৰ দলটো কি বিশেষ কামত গোলাঘাটলৈ আহিছিল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ একাংশই অভিযোগ কৰা অনুসৰি অবৈধ ভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ'ল এই সকল আবকাৰী বিষয়া কৰ্মচাৰী ৷ কিয়নো টাটা চুম'খন জ্বলি ভস্মীভূত হোৱাৰ বিপৰীতে ডাম্পাৰখনৰ বিশেষ একো ক্ষতি হোৱা নাই ৷ আৰু এই ঘটনাত ডাম্পাৰ খন পথাৰলৈ নামি পৰে আৰু চালক-হেণ্ডিমেনে পলায়ন কৰে ৷ ইপিনে গোলাঘাটৰ আবকাৰী দলটোক সাজু হৈ থাকিবলৈ কৈ কিয় একো কথা নজনোৱাকৈ গুৱাহাটীৰ দলটো গোলাঘাটৰ পৰা ওলাই গৈছিল সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত ৷

ABOUT THE AUTHOR

...view details