গোলাঘাট,২০ এপ্ৰিল:ক'ভিডৰ সংক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে এতিয়া সষ্টম হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰে প্ৰশাসন তথা স্বাস্থ্য বিভাগ । গোলাঘাটত মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । স্বাস্থ্যবিধি পালন নকৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতাও সৃষ্টি কৰিছে ।
গোলাঘাটৰ চাহ বাগিচাত চেনিটাইজেচনৰ ব্যৱস্থা - TEA GARDEN MANAGEMENT SANITIZE KHUMTAI TEA GARDEN AREA
কৰ'ণা সম্পৰ্কীয় সজাগতা সৃষ্টিৰ উপৰিও গোলাঘাটৰ বিভিন্ন স্থানত প্ৰশাসন তথা বাগিছা কতৃপক্ষই চেনিটাইজেচন ব্যৱস্থা গ্ৰহণ কৰিছে । কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনৰ খুমটাই চাহ বাগিছাত চেনিটাইজেচন ব্যৱস্থা গ্ৰহণ কৰিছে বাগিছা কতৃপক্ষই ।
গোলাঘাটৰ চাহ বাগিছাত চেনিটাইজেচনৰ ব্যৱস্থা
ইফালে জিলাখনৰ চাহ বাগিচাসমূহতো চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন তথা বাগিচা কৰ্তৃপক্ষই । বিশেষকৈ বাগিচাৰ লাইন আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনৰ আন আন বাগিচাৰ লগতে খুমটাই চাহ বাগিচাতো পুৱাৰে পৰা কৰ্তৃপক্ষই চেনিটাইজেচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক:কলহী নৈত সন্ধানহীন যুৱক