অসম

assam

ETV Bharat / state

হাতীৰ টাৰ্গেত মহিলা শ্ৰমিক! কিন্তু কিয়! - চাহ বাগিছা

গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি  নুমলীগড় চাহ বাগিচাত দিন দুপৰতে পাত ছিঙি থকা অৱস্থাত মহিলা শ্ৰমিকক আক্ৰমণ কৰিবলৈ  উদ্যত হাতীৰ জাকটো ।

হাতীৰ টাৰ্গেত মহিলা শ্ৰমিক! কিন্তু কিয়!

By

Published : Sep 13, 2019, 11:48 PM IST

গোলাঘাট,13 চেপ্তেম্বৰঃ গোলাঘাটত এতিয়া বন্যহস্তীৰ তাণ্ডৱ ৷ কি দিন কি নিশাৰ আন্ধাৰ সকলো সময়তে হাতীৰ আতংকত দিন কটাইছে স্থানীয় ৰাইজে ৷

হাতীৰ টাৰ্গেত মহিলা শ্ৰমিক! কিন্তু কিয়!

গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি নুমলীগড় চাহ বাগিচাত দিন দুপৰতে পাত ছিঙি থকা অৱস্থাত মহিলা শ্ৰমিকক আক্ৰমণ কৰিবলৈ উদ্যত হাতীৰ জাকটো । দিনৰ পোহৰতো এতিয়া নিতৌ বাগিচাখনত বৃহৎ বন্য হস্তীৰ জাকৰ বিচৰণ । নুমলীগড় চাহ বাগিচাৰ পাত ছিঙিবলৈ অহা মহিলা শ্ৰমিকলৈ প্ৰায়ে চোঁচা লয় বন্যহস্তীৰ জাকটোৱে। বিগত চাৰি পাছ দিন ধৰি বন্যহস্তীৰ জাকটো বাগিচাখনত পাত ছিঙিবলৈ অহা মহিলা শ্ৰমিক সকলৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিছে ।

ইফালে, নুমলীগড় চাহ বাগিচাৰ গাতে লাগি থকা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পোৱালি সহ থকা বন্য হস্তীৰ জাকটোৱে দিনে নিশাই অহা যোৱা কৰাৰ ফলত ব্যাপক যানজঁতৰ সৃষ্টি হৈছে । কিন্তু নীৰৱ ভূমিকাত নুমলীগড় বন বিভাগ । উল্লেখ্য যে, গোলাঘাট আৰু নুমলীগড় অঞ্চলটো বহু সময় ধৰি বন্যহস্তীৰ উপদ্ৰৱৰ সন্মুখীন হৈ আহিছে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

আৰু পঢ়কঃ প্ৰভাসক লগ নপোৱাৰ বাবে আত্মহত্যাৰ চেষ্টা অনুৰাগীৰ

ABOUT THE AUTHOR

...view details