গোলাঘাট,১মাৰ্চ: শুকুৰবাৰে গোলাঘাটৰ শালমৰা চাহ বাগিছাত উপস্থিত হয় অসম বিধান সভাৰ ২১ জনীয়া এটা সৰ্বদলীয় দল । দলটোৱে শালমৰা চাহ বাগিচাৰ মৃত লোকসকলৰ পৰিয়ালৰ উপৰিবিভিন্ন দল-সংগঠনৰ লগত মত বিনিময় কৰে। ইপিনে চাহ বাগিচাত চুলাই মদ প্ৰচলন বন্ধ কৰি ,লালীগুৰ নিষিদ্ধ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা ২ লাখ টকাৰ অনুদানৰ পৰিবৰ্তে ১০ লাখ টকালৈ বৃদ্ধি কৰিবলৈ বিধানসভাৰ সজাঁতী দলটোক আহ্বান জনায় বিভিন্ন দল-সংগঠনে।
শালমৰা চাহ বাগিচাত অসম বিধান সভাৰ সৰ্বদলীয় দল - সৰ্বদলীয় দলৰ পৰিভ্ৰমণ
বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক দেখা কৰে দলটোৱে
গোলাঘাট শালমৰা চাহ বাগিচাত অসম বিধান সভাৰ সৰ্বদলীয় দলৰ পৰিভ্ৰমণ
ইফালে,গোলাঘাটত চুলাই পান কৰি অকালতে মৃত্যু হোৱা ঘটনা সন্দৰ্ভত এখন বৈঠকৰো আয়োজন কৰে সৰ্বদলীয় দলটোৱে । য'ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মন্ত্ৰী পল্লৱলোচন দাস, অগপ সভাপতি অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কংগ্ৰেছৰ ৰকিবুল হুছেইন, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী, ৰ'জলীনা তিৰ্কী, তেৰচ গোৱালা, সঞ্জয় কিষাণ, মৃণাল শইকীয়া, ৰিতুৰ্পণ বৰুৱা, বিমল বৰা, দেৱানন্দ হাজৰিকা আৰু আমিনুল ইছলাম উপস্থিত থাকে ।