অসম

assam

ETV Bharat / state

আৰ্থিক দৈন্যতাৰ বাবেই বিহপান কৰি আত্মহত্যা মাতৃ-পুত্ৰৰ

আৰ্থিক দুৰৱস্থা আৰু শাৰীৰিক অক্ষমতাৰ বাবেই গোলাঘাটত মাতৃ-পুত্ৰৰ চৰম সিদ্ধান্ত । বিহ খাই কৰুণ মৃত্যুক সাৱটিলে মাতৃ গংগা ছেত্ৰী আৰু পুত্ৰ ভূৰে ছেত্ৰীয়ে

আৰ্থিক দৈন্যতাৰ বাবেই বিহ খাই মৃত্যু মাতৃ-পুত্ৰৰ

By

Published : Aug 4, 2019, 2:57 PM IST

গোলাঘাট, 4 আগষ্টঃ গোলাঘাটৰ বৰপাক অঞ্চলত মৰ্মান্তিক ঘটনা । আৰ্থিক অনাটন আৰু পুত্ৰৰ শাৰীৰিক অক্ষমতাৰ বাবেই আত্মহত্যাৰ পথ বাচি ল'লে মাতৃ-পুত্ৰই৷ দেওবাৰে পুৱা নিজ বাসগৃহতেই মাতৃ গংগা ছেত্ৰী আৰু পুত্ৰ ভূৰে ছেত্ৰীয়ে বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়৷ পাচত মাতৃ গংগা ছেত্ৰীক সংকটজনক অৱস্থাত বোকাখাট চিভিল হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তে কৰুণ মৃত্যুক আঁকোৱালি লয় গংগা ছেত্ৰীয়ে ।

আৰ্থিক দৈন্যতাৰ বাবেই বিহ খাই মৃত্যু মাতৃ-পুত্ৰৰ

নিজৰ ১৪ বছৰীয়া পুত্ৰ ভূৰে ছেত্ৰী বিশেষ ভাৱে সক্ষম হোৱাৰ উপৰিও আৰ্থিক দৈন্যতাৰ বাবেই এনেদৰে মাতৃ পুত্ৰই একেলগে আত্মহননৰ দৰে চৰম সিদ্ধান্ত বাচি লয় বুলি সন্দেহ স্থানীয় লোকৰ ।

লগতে পঢ়কঃ গোৱালপাৰাৰ কাণকাটাত ভূমিকেন্দ্ৰিক সংঘাতঃ আহত 12

ABOUT THE AUTHOR

...view details