অসম

assam

ETV Bharat / state

গোলাঘাটত ছাত্ৰক অপহৰণ কৰি হত্যা - থুৰাজান চাহ বাগিচা

১২মাৰ্চত থুৰাজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত পমিলা ইন্দুৱাৰ নামৰ এগৰাকী মহিলাই খুড়ায়েক অজিত ৰবিদাসে এখন চাইকেলত এটা বগা ৰঙৰ বেগৰ সৈতে ভতিজাক দীপকক বহুৱাই নিয়া প্ৰত্যক্ষ কৰিছিল ৷ নামবৰ হাবিৰ সমীপৰ জুৰীয়া দলঙত উদ্ধাৰ কিতাপ বহী বগা ৰঙৰ বেগত উদ্ধাৰ হোৱাৰ পিছতেই নিজ খড়ায়েকৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোকে ৷

Golaghat student kidnap and murder
গোলাঘাটত ছাত্ৰক অপহৰণ কৰি হত্যা

By

Published : Mar 15, 2020, 7:12 PM IST

গোলাঘাট,15 মাৰ্চঃ গোলাঘাটৰ ৰঙাজানত ছাত্ৰক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ ৷ ৰঙাজানৰ ডনবস্ক’ হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ দীপক ৰবিদাসক নিজ খুড়াকে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত ১২ মাৰ্চত বিদ্যালয়লৈ আহিছিল যদিও বিদ্যালয়লৰ পৰা ঘৰলৈ উভতি নগ’ল দীপক ৷ পিতৃ নৰেন ৰবিদাস আৰু মাতৃ গুণদা ৰবিদাসৰ অভিযোগ নৰেনৰ কনিষ্ঠ ভাতৃ অজিত ৰবিদাসে পৰিকল্পিতভাৱে হত্যা কৰিছে দীপকক ৷ ১১ মাৰ্চত ভূমি সন্দৰ্ভত নৰেন ৰবিদাস আৰু তেওঁৰ ভাতৃ অজিত ৰবিদাসৰ মাজত এক বিবাদৰ সৃষ্টি হৈছিল ৷ এই বিবাদৰ পৰিণতিতেই নিজ ভতিজাকক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে দীপকৰ পিতৃ-মাতৃয়ে ৷

গোলাঘাটত ছাত্ৰক অপহৰণ কৰি হত্যা

উল্লেখ্য যে, ১২ মাৰ্চত থুৰাজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত পমিলা ইন্দুৱাৰ নামৰ এগৰাকী মহিলাই খুড়াক অজিত ৰবিদাসে এখন চাইকেলত এটা বগা ৰঙৰ বেগৰ সৈতে ভতিজাক দীপকক বহুৱাই নিয়া প্ৰত্যক্ষ কৰিছিল ৷ নামবৰ হাবিৰ সমীপৰ জুৰীয়া দলঙত কিতাপ বহীখিনি বগা ৰঙৰ বেগত উদ্ধাৰ হোৱাৰ পিছতেই খুড়াকৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোকে ৷ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক-1নং পৰ্বতঝোৰা সমষ্টিত বিপিএফক প্ৰত্যাহ্বান জনোৱা প্ৰাৰ্থী কোনো নাই : মুনমুন ব্ৰহ্ম

ABOUT THE AUTHOR

...view details