অসম

assam

ETV Bharat / state

গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ গুণ্ডাগিৰি; শোৱাপাটীৰ পৰা উঠাই নি বন বিষয়াক নিৰ্যাতনৰ অভিযোগ

Golaghat SP Rajen Singh lands in controversy : কাজিৰঙাত গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ গুণ্ডাগিৰি ৷ হাতী চাফাৰীৰ বাবে ছিট দিব নোৱাৰাৰ হেতুকে মাতাল আৰক্ষী অধীক্ষকে মাজনিশা শোৱাপাটীৰ পৰা উঠাই নিলে কাজিৰঙা বনবিভাগৰ এগৰাকী বিষয়াক ৷ ক্ষমতাৰ অপব্যৱহাৰেৰে বন বিষয়া তৰুণ গগৈক নিজা বাসগৃহৰ পৰা গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উঠাই নিয়াৰ অভিযোগ উঠিছে ৷

Golaghat SP abuse Kaziranga Forest officer
কাজিৰঙাত গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ গুণ্ডাগিৰি

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 1:21 PM IST

কাজিৰঙাত গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ গুণ্ডাগিৰি

কাজিৰঙা, ২২ ডিচেম্বৰ : গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ গুণ্ডাগিৰি ৷ অভিযোগ অনুসৰি, কাজিৰঙা বন বিভাগৰ বিষয়া তৰুণ গগৈক শুকুৰবাৰে হাতী চাফাৰীৰ বাবে পাঁচটা ছিট বিচাৰিছিল গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷ কিন্তু সকলো ছিট ইতিমধ্যে বুক হৈ যোৱাৰ বাবে বন বিভাগৰ বিষয়াগৰাকীয়ে শুকুৰবাৰৰ সলনি শনিবাৰে হাতী চাফাৰীৰ বাবে ছিট উপলব্ধ হৈ আছে বুলি উল্লেখ কৰে ৷ আৰক্ষী অধীক্ষক ৰাজেন সিঙে বিচৰা মতে হাতী চাফাৰীৰ বাবে ছিট দিব নোৱাৰাৰ হেতুকে বন বিষয়া তৰুণ গগৈক অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ৷

আনকি বন বিভাগৰ বিষয়া গগৈক মাজনিশা শোৱাপাটীৰ পৰা উঠাই নি আৰক্ষী অধীক্ষকগৰাকীয়ে শাৰীৰিক, মানসিক নিৰ্যাতন চলায় ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বন বিভাগৰ বিষয়া তৰুণ গগৈয়ে ৷ লগতে ভুক্তভোগী বন বিভাগৰ বিষয়াগৰাকীয়ে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও উল্লেখ কৰে ৷

কেৱল এয়া প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত মদৰ নিচাত মাতাল হৈ ক্ষমতাৰ অপব্যৱহাৰ কৰি অহা বুলি একাংশই অভিযোগৰ আঙুলি তুলিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙলৈ ৷

ঘটনা সন্দৰ্ভত কাজিৰঙা বন বিভাগৰ বিষয়া তৰুণ গগৈয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ১১:১৫ বজাত কঁহৰা আৰক্ষী চকীৰ পৰা বনপালক তৰুণ গগৈলৈ ফোন কৰি শুক্ৰবাৰে পুৱা হাতী ছাফাৰীৰ বাবে হাতীৰ টিকট বিচাৰে ৷ তাৰ পাচত তেওঁ পিচদিনাখনৰ পুৱাৰ বাবে হাতী ছাফাৰীৰ টিকট ইমান ৰাতি ঠিক কৰাটো সম্ভৱ নহয় ৷ কাৰণ সন্ধিয়াতে হাতী ছাফাৰীৰ টিকট পৰ্যটকৰ বাবে নিশ্চিত কৰা হয় বুলি মন্তব্য কৰে ৷

পৰৱৰ্তী সময়ত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে বনপালক তৰুণ গগৈক ফোন কৰি অশ্লীল ভাষাৰে গালি-গালাজ কৰি ভাবুকি দিয়ে ৷ গগৈৰ অভিযোগ মতে, তাৰ পাচতেই কাজিৰঙা বনবিভাগৰ বনপালক তৰুণ গগৈক নিশা শোৱাপাটীৰ পৰা তুলি আনি অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন চলায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

অৱশ্যে কাজিৰঙা বিভাগৰ উচ্চস্তৰীয় কৰ্তৃপক্ষ আৰু কাজিৰঙাৰ সাংবাদিকৰ দল উপস্থিতি হোৱাত আৰক্ষীয়ে পুৱতি নিশা বনপালক তৰুণ গগৈক এৰি দিবলৈ বাধ্য হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি স্বাভাৱিকতে কাজিৰঙাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত সঞ্জয় সিং

ABOUT THE AUTHOR

...view details