গোলাঘাট, 17 জানুৱাৰী :ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় শিল্পী দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয় এক বিশাল অনুষ্ঠানৰ।
উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱকুমাৰ দলে, বিধায়ক মৃণাল শইকীয়া, ভবেন ভৰালী, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, অজন্তা নেওগ আদি উপস্থিত থাকে। এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক ২০২১ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হয়।
শিল্পী দিৱসৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই বিশাল অনুষ্ঠানত দহ সহস্ৰাধিক লোক উপস্থিত থাকে ।