গোলাঘাট, 18 জানুৱাৰীঃ গোলাঘাটৰ ডিহিঙীয়াৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । পদাৰ্পন কৰা হ'ল গুৰু আসন আৰু শঙ্কৰদেৱ সংঘৰ ধৰ্মধ্বজা । অহা 5 ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন ৷
ডিহিঙীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন - golaghat Shankar sangha conference dharma dhobja
গোলাঘাটৰ ডিহিঙীয়াত ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে আৰম্ভণি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন ৷
ডিহিঙীয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন
যাৰ বাবে শনিবাৰে বোকাখাটৰ নামঘৰৰ পৰা ধৰ্মীয় ৰীতি-নীতি অনুসৰি ভকত প্ৰাণ বৈষ্ণৱ সকলে আদৰি আনিলে গুৰু আসন আৰু ধৰ্মধ্বজা । তাৰোপৰি 19 জানুৱাৰীত গুৰু আসন স্থাপন হ'ব কাজিৰঙা সমন্বয় ক্ষেত্ৰত । গুৰু আসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে নামঘৰত আৰম্ভ হ'ব নাম প্ৰসংগ । ইতিমধ্যে অধিৱেশনৰ বাবে যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে। আয়োজক সমিতিয়ে দল সংগঠন, চৰকাৰী, বে-চৰকাৰী সকলোকে অধিৱেশনত সহায়ৰ হাত আগবঢ়াৱলৈ আহ্বান জনায় ৷
আৰু পঢ়কঃ অসম আৰক্ষীত ৰদবদল
TAGGED:
শ্ৰীমন্ত শংকৰদেৱ সংঘ