অসম

assam

গোলাঘাটত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ

By

Published : Jun 23, 2019, 5:31 PM IST

প্ৰশিক্ষক হৰিচৰণ বৰবায়নে প্ৰশিক্ষণ উদ্ৱোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কয় যে, "মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি সত্ৰীয়া নৃত্য গীত সমূহ এটা সময়লৈকে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল ’’ ৷

গোলাঘাটত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ

গোলাঘাট, 23 জুনঃ গোলাঘাট কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ ৷ দেওবাৰৰ পৰা আৰম্ভ হোৱো নৃত্য প্ৰশিক্ষণ দণ্ডধৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয় । নিয়মীয়া প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মাজুলী কমলাবাৰী সত্ৰৰ হৰিচৰণ ভূঞা বৰবায়ন । প্ৰশিক্ষক হৰিচৰণ বৰবায়নে প্ৰশিক্ষণ উদ্ৱোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কয় যে, "মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি সত্ৰীয়া নৃত্য গীত সমূহ এটা সময়লৈকে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল । পৰৱৰ্ত্তী সময়ত অসমৰ গুণী জ্ঞানী পণ্ডিত লোক সকলৰ প্ৰচেষ্টাত এই কৃষ্টি-সংস্কৃতি সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিছিল ৷ যাৰ বাবে বৰ্তমান সময়ত গুৰু কেইজনক সকলোৱে জনাৰ সুযোগ পাইছে ।"

গোলাঘাটত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details