অসম

assam

By

Published : Nov 6, 2019, 11:17 AM IST

ETV Bharat / state

গোলাঘাটত ৮৯ তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি

গোলাঘাটত কমাৰগাঁৱত ৮৯তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি গোলাঘাট জিলাৰ শংকৰ সংঘৰ। বোকাখাট জিলা সমিতিয়ে ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ কৰিছে শ শ বিঘা ভূমিত বিভিন্ন ধৰণৰ খেতি ।

গোলাঘাটত ৮৯ তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি

গোলাঘাট,6 নৱেম্বৰ: গোলাঘাট কমাৰগাঁওৰ বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত এইবাৰ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশন । অধিৱেশনলৈ মাজত মাথো তিনিটা মাহ । লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে গোলাঘাট জিলাৰ শংকৰ সংঘৰ বাপ বান্ধৱসকলৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা সমিতি। ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে বৰ্তমান বোকাখাত জিলা সমিটিয়ে কমাৰগাঁৱৰ শুনাৰী চাপৰিত কৰিছে বিভিন্ন ধৰণৰ খেতি । আলু,লাই,মটৰ,বিন খেতি কৰিছে বহু বিঘা মাটিত । ঘৰৰ সকলো কাম এৰি পুৰুষ,যুৱকৰ সমান্তৰাল ভাৱে মহিলা,যুৱতী সকলো এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে খেতি কৰাত। এনেদৰে এতিয়া সমগ্ৰ বোকাখাট,নুমলীগড় অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯তম অধিৱেশনক লৈ সকলোৰে ব্যস্ততাৰ অন্ত নাই ।

গোলাঘাটত ৮৯ তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details