গোলাঘাটত দিন দুপৰতে ডকাইতি - GOLAGHAT HINDI SCHOOL
গাড়ী ৰখাই ডকাইতে কাঢ়ি নিলে কুকুৰা সহ নগদ ধন ৷ এতিয়াও পলাতক ডকাইত পাপুলী আলী
গোলাঘাটত দিন দুপৰতে ডকাইতি
গোলাঘাট, 13 জুলাইঃ গোলাঘাট হিন্দী স্কুল ৰোডত শনিবাৰে সংঘটিত হয় দিন ডকাইতিৰ ঘটনা। এখন বলেৰ পিক আপ ভানৰ চালক,কৰ্মচাৰী আৰু শ্ৰমিকক মাৰপিট কৰি ধন কাঢ়ি লোৱাৰ লগতে গাড়ী খনৰ প্ৰায় ৪০০ টা ব্ৰয়লাৰ মুৰ্গী কাঢ়ি লয় এটা ডকাইতে । ডকাইতটো পাপুলী আলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে আৰক্ষীয়ে ডকাইতটোৱে কাঢ়ি নিয়া প্ৰায় ২৫০টা ব্ৰয়লাৰ মুৰ্গী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ AS-05C-4967 নম্বৰৰ এখন বলেৰ' পিক আপ ভানেৰে গমাৰিগুৰিৰ পৰা কঢ়িয়াই আনিছিল প্ৰায় ৪০০ টা ব্ৰয়লাৰ মুৰ্গী ৷