অসম

assam

ETV Bharat / state

মহিলাক অচেতন কৰি লুটিলে গহনা - golaghat

শুকুৰবাৰে গোলাঘাটত সংঘটিত হ'ল ভয়ংকৰ ঘটনা৷ গহনা পৰিষ্কাৰ কৰিবলৈ অমান্তি হোৱাত পাউদাৰ ব্যৱহাৰেৰে গৃহিনীক অচেতন কৰি লুটি নিলে সোণৰ গহনা৷

মহিলাক অচেতন কৰি লুটিলে গহনা

By

Published : Jun 21, 2019, 8:19 PM IST

গোলাঘাট, 21 জুনঃ সোণ ৰূপৰ গহণা পৰিষ্কাৰ চলেৰে প্ৰৱঞ্চকে লুটি নিয়া ঘটনা কোনো নতুন কথা নহয়৷ দৈনিক ৰাজ্যৰ কোনোবা নহয় কোনোবা প্ৰান্তত এনেদৰে প্ৰৱঞ্চকে লুটি নিছে সোণৰ আ-অলংকাৰ৷ পিছে এইবাৰ কথা অধিক বিষম৷ শুকুৰবাৰে গোলাঘাটত সংঘটিত হ'ল ভয়ংকৰ ঘটনা৷ গহনা পৰিষ্কাৰ কৰিবলৈ অমান্তি হোৱাত পাউদাৰ ব্যৱহাৰেৰে গৃহিনীক অচেতন কৰি লুটি নিলে সোণৰ গহনা৷

মহিলাক অচেতন কৰি লুটিলে গহনা

ঘটনাৰ বিৱৰণি অনুসৰি, গোলাঘাটৰ পুৰণা আমোলাপট্টিৰ কুমুদনি দেৱী পথত দিন-দুপৰতে দুটা প্ৰৱঞ্চকে পিতলৰ বাচন-বৰ্তন আৰু সোণৰ আ-অলংকাৰ পৰিষ্কাৰ কৰাৰ চলেৰে প্ৰৱেশ কৰে৷ নিৰ্মলা দেৱী নামৰ মানুহ গৰাকীয়ে প্ৰৱঞ্চকদ্বয়ক বাচন পৰিষ্কাৰ কৰিবলৈ দিয়ে যদিও সোণৰ অলংকাৰ দিবলৈ অমান্তি প্ৰকাশ কৰি ঘৰৰ ভিতৰলৈ সোমাই যাওঁতেই মহিলা গৰাকীৰ গালৈ এবিধ পাউদাৰ জাতীয় পদাৰ্থ ছটিয়াই দিয়ে প্ৰৱঞ্চকে৷

ফলত থিতাতে অস্থিৰ হৈ পৰা মহিলাগৰাকীক ডিঙিৰ চেইন, হাতৰ আঙুঠি আদি লুট কৰি পলায়ন কৰে দুই প্ৰৱঞ্চকে৷ চোৰৰ নতুন নতুন কৌশলে স্তম্ভিত কৰি তুলিছে আৰক্ষীক৷ সঘনাই গোলাঘাটত চুৰি কাৰ্য সংঘটিত কৰি থকা চোৰক নাকি লগাব পাৰিবনে গোলাঘাট আৰক্ষীয়ে নে এনেদৰে নতুন নতুন কৌশলেৰে চোৰে সংঘটিত কৰি যাব চুৰি কাৰ্য ৷

ABOUT THE AUTHOR

...view details