অসম

assam

ETV Bharat / state

গোলাঘাটত পৃথকে-পৃথকে পথ দুৰ্ঘটনাত নিহত দুজন - ওপৰটেমেৰা

দেওবাৰৰ দিনটোত গোলাঘাট জিলাত সংঘটিত হয় দুটা পৃথক-পৃথক পথ দুৰ্ঘটনা ৷ য'ত নিহত হয় দুজনকৈ ব্যক্তি ৷ জিলাখনৰ দেৰগাঁও আৰু ওপৰটেমেৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷

গোলাঘাটত পৃথকে-পৃথকে পথ দুৰ্ঘটনা:নিহত দুজন
গোলাঘাটত পৃথকে-পৃথকে পথ দুৰ্ঘটনা:নিহত দুজন

By

Published : Apr 19, 2021, 10:17 AM IST

গোলাঘাট, 19এপ্ৰিল : বিহুৰ আনন্দ-উলাহৰ মাজতেই গোলাঘাটত শোকৰ ছাঁ ৷ জিলাখনৰ দেৰগাঁৱত নিশা সংঘটিত হয় দুটা পৃথক-পৃথক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত নিহত হয় দুজন ব্যক্তি ৷ দেৰগাঁৱৰ সমীপৰ ৰঙামাটিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত এখন বাহনক পিছফালে খুন্দা মৰাৰ ফলতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ।

উল্লেখ্য যে, যোৰহাট মুখি AS-23BC-7857 নম্বৰৰ এখন সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাকৰ পিছফালে দ্ৰুত বেগেৰে অহা AS-05M-1699 ৱেগনাৰ বাহনে খুণ্ডা মাৰে আৰু নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন বাগৰি পৰে বিপৰীত দিশত ৷ যাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাটোত ৱেগনাৰৰ বাহনখনৰ চালক শান্তনু হাজৰিকা থিতাতে নিহত হয় । নিহত শান্তনু হাজৰিকাৰ ঘৰ দেৰগাঁৱৰ গণকপুখুৰীত বুলি জানিব পৰা গৈছে ।

গোলাঘাটত পৃথকে-পৃথকে পথ দুৰ্ঘটনা:নিহত দুজন

আনহাতে, দেৰগাঁৱৰ নিকটৱৰ্তী ওপৰটেমেৰাতো সংঘটিত হয় আন এক পথ দুৰ্ঘটনা ৷ আল্ট্ৰা আৰু বক্সাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । যাৰ ফলত থিতাতে নিহত হয় পল্লৱ হাজৰিকা নামৰ ব্যক্তিজন । ইফালে,দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় অজিত ভূঞা নামৰ আন এজন লোক ৷ আহত অজিত ভূঞাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অন্য এক খবৰৰ বাবে: কৰিমগঞ্জত হাত-মুখ বন্ধা অৱস্থাত উদ্ধাৰ দুই যুৱক

ABOUT THE AUTHOR

...view details