গোলাঘাট,6 আগষ্টঃ গোলাঘাট জিলাৰ এখন বানাক্ৰান্ত গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থাৰ দুৰ্দশাৰ ছবি পোহৰলৈ আহিছে । এখন দলঙৰ বাবে চৰকাৰক বহু আবেদন-নিবেদন কৰাৰ পাছতো সহাঁৰি নাপাই ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে এখন বাঁহৰ দলং। আনহাতে প্ৰতি বছৰে অহা বানে ভাঙি থৈ যায় ৰাইজে নিৰ্মাণ কৰা দলং খন ।
বানাক্ৰান্তা অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বাঁহৰ দলং - এখন বানাক্ৰান্ত গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থাৰ দুৰ্দশাৰ ছবি
উপায়ন্ত ৰাইজ, ৰজাঘৰলৈ বাট নাচায় ৰাইজে শ্ৰমদানেৰে মেৰামতি কৰিলে বাঁহৰ দলং। বৰপাক এৰাবিলৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে পথছোৱাত সাজিছে দলং খন ।
ইপিনে বিগত কেইবছৰৰ দৰে এইবাৰো গোলাঘাট জিলাৰ বৰপাক এৰাবিলৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে পথছোৱাত সাজিছে এখন বাঁহৰ দলং। এৰাবিলৰ কাষৰীয়া নগাবালি ৰাইজে দশক দশক ধৰি যন্ত্ৰণা ভুগি আহিছে এখন স্থায়ী দলঙৰ বাবে । স্বাধীনতাৰ পিছৰে পৰা কেইবাখনো চৰকাৰ আহিল আৰু গ'ল কিন্তু গাঁৱখনৰ দুৰ্ভগীয়া ৰাইজৰ সমস্যাহে দূৰ নহ’ল । ফলত স্থানীয় তথা নগাবালিবাসী ভুক্তভোগী ৰাইজে চৰকাৰলৈ বাট নাচায় নিজৰ গাঁঠি ধনেৰে নিৰ্মাণ কৰিছে এখন প্ৰায় তিনিশ মিটাৰ দৈঘ্যৰ বাঁহৰ দলং। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত পথছোৱাত এখন স্থায়ী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সূচল কৰি তুলিবলৈ দাবী জনাই গাঁওৱাসীয়ে ৷
লগতে পঢ়কঃ অসম লোকসেৱা আয়োগ আৰু আনুসংগিক পৰিক্ষাৰ পৰা বঞ্চিত মণিপুৰী ভাষা!