অসম

assam

ETV Bharat / state

শাওণৰ পথাৰত নহয় ৰাজপথত ভূঁই - POOR CONDITION ROAD

বহু আবেদন নিবেদন কৰিও সুফল নোপোৱাত অৱশেষত ৰাইজ অতিষ্ঠ হৈ শুকুৰবাৰে পথাৰ সদৃশ ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

By

Published : Aug 3, 2019, 12:19 PM IST

Updated : Aug 3, 2019, 12:29 PM IST

গোলাঘাট,3 আগষ্টঃ ৰোৱাত ব্যস্ত এদল কৃষক৷ সৰুপথাৰৰ এটা বিধ্বস্ত পথত এদল পুৰুষ মহিলাই ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ টেঙানি গাওঁ পঞ্চায়তৰ অন্তৰ্গত হুইহিংপথাৰ গাওঁখনক এটা সময়ত প্ৰশাসনে ঘোষণা কৰিছিল আদৰ্শ গাঁৱৰ হিচাপে ৷ কিন্তু ৰাজ্য চৰকাৰৰ এই আদৰ্শ গাঁৱৰ বাটপথৰ দুৰৱস্থাই এতিয়া জলা কলা খোৱাইছে ৰাইজক ৷ গাওঁখনৰ মূল পথটোৰ দুৰৱস্থাৰ বাবে কোনো কেনিও ওলাব সোমাব নোৱাৰা অৱস্থা৷ গাওঁখনৰ মাজেৰে বৰহোলাৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথচোৱাৰ প্ৰায় ৬ কিলোমিটাৰ বাট হৈ পৰিছে শাওনৰ বোকাময় পথাৰ সদৃশ৷

শাওনৰ পথাৰত নহয় ৰাজপথত ভূঁই
বহু আবেদন নিবেদন কৰিও সুফল নোপোৱাত অৱশেষত ৰাইজ অতিষ্ঠ হৈ শুকুৰবাৰে পথাৰ সদৃশ ৰাজপথটোত ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল গাওঁখনৰ শতাধিক পুৰুষ মহিলা,আবাল বৃদ্ধ বনিতা ৷ চৰকাৰে তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াত এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ৷
Last Updated : Aug 3, 2019, 12:29 PM IST

ABOUT THE AUTHOR

...view details