অসম

assam

ETV Bharat / state

নুমলীগড় ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ - নুমলীগড় ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ

কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু  সংখ্যক স্থানীয় ৰাইজে ।

ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ
ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ

By

Published : Dec 11, 2019, 5:44 PM IST

গোলাঘাট, 11 ডিচেম্বৰ: গোলাঘাটৰ নুমলীগড় ৰেল ষ্টেচনত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে CAB প্ৰতিবাদকাৰীয়ে ৷ বুধবাৰে উজনিমুৱা মৰিয়নি ডিমাপুৰ পেছেনজাৰ ৰেলখন অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় ৰাইজে । আনহাতে প্ৰতিবাদকাৰীৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ বাবে যাত্ৰীসকলৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ পৰৱৰ্তি সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ

ABOUT THE AUTHOR

...view details