অসম

assam

ETV Bharat / state

প্ৰতিবাদৰ জুই নুমলীগড় শোধনাগাৰত - NRL

বি.পি.চি.এলৰ ব্যক্তিগতকৰণৰ হোৱাৰ তথ্য প্ৰকাশৰ পাছতেই প্ৰতিবাদৰ জুই জ্বলিছে নুমলীগড় শোধনাগাৰত ।

প্ৰতিবাদৰ জুই নুমলীগড় শোধানাগাৰত

By

Published : Oct 12, 2019, 5:22 PM IST

গোলাঘাট, 12 অক্টোবৰঃ কেন্দ্ৰীয় কেবিনেটে বি.পি.চি.এল (BPCL) ৰ বিক্ৰী তথা ব্যক্তিগতকৰণ কৰাৰ হঠকাৰী সিদ্ধান্তৰ পাচতেই জাঙুৰ খাই উঠিছে নুমলীগড়ৰ বিভিন্ন দল সংগঠন । শনিবাৰে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে (AISF) শোধানাগাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰ বিৰোধী শ্ল’গানৰে উত্তাল কৰি তোলে নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰ । কেন্দ্ৰীয় কেবিনেটে বি.পি.চি.এলৰ NRLত থকা প্ৰায় 62 শতাংশ অংশীদাৰিত্ব বিক্ৰীৰ ঘোষণাৰ পাছতেই প্ৰতিবাদৰ জোৱাৰ উঠিছে নুমলীগড়ত ৷

নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

উল্লেখ্য যে, নুমলীগড় তেল শোধনাগাৰটো ব্যক্তিগতকৰণ কৰা হ'ব বুলি যি তথ্য ইতিমধ্যে প্ৰকাশ পাইছে, তাৰেই বিৰোধিতা কৰি শোধনাগাৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ অসম আন্দোলনৰ দীঘলীয়া পৰিক্ৰমা আৰু 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ হোৱাৰ আশংকাত জাঙুৰ খাই উঠিছে দল-সংগঠন ৷

ABOUT THE AUTHOR

...view details