অসম

assam

ETV Bharat / state

গোলাঘাটত দলঙৰ অভাৱত প্ৰাণ গ'ল এজনৰ - ধনশিৰি মহকুমা

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানীলৈ যাবলৈ পাৰ হ’ব লাগে ধনশিৰি নৈখন ৷ নৈৰ ওপৰত নাই কোনো দলঙৰ ব্যৱস্থা ৷ বৃহস্পতিবাৰে অ্ঞ্চটোৰ ঠগিৰাম বৰি নামৰ ৩৮ বছৰীয়া ব্যক্তিগৰাকী অসুস্থ হৈ পৰাত এম্বুলেঞ্চক খবৰ দিয়া হয় যদিও নৈখনৰ বাবে 39 নং ৰাষ্ট্ৰীয় ঘাইপথতে ৰৈ থাকিবলগীয়া হয় এম্বুলেঞ্চ ৷

Golaghat poor road communication leads to one person's death
গোলাঘাটত দলঙৰ অভাৱত প্ৰাণ গ‘ল এজনৰ

By

Published : Aug 7, 2020, 3:15 PM IST

গোলাঘাট,7 আগষ্টঃউন্নয়নে ঢুকি নোপোৱা গোলাঘাটৰ সৰপথাৰৰ এটা অঞ্চল ৷ যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে চিকিৎসাৰ অভাৱতে প্ৰাণ হেৰুৱালে ৰোগীয়ে ৷ উল্লেখ্য যে, গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানীলৈ যাবলৈ পাৰ হ’ব লাগে ধনশিৰি নৈখন ৷ নৈৰ ওপৰত নাই কোনো দলঙৰ ব্যৱস্থা, যাৰ বাবে নাৱেৰেই নৈ পাৰ হ’ব লাগে অঞ্চলটোৰ ৰাইজে ৷

গোলাঘাটত দলঙৰ অভাৱত প্ৰাণ গ‘ল এজনৰ

বৃহস্পতিবাৰে অঞ্চলটোৰ ঠগিৰাম বৰি নামৰ ৩৮ বছৰীয়া এগৰাকী ব্যক্তি অসুস্থ হৈ পৰাত এম্বুলেঞ্চক খবৰ দিয়া হয় যদিও নৈখনৰ বাবে 39 নং ৰাষ্ট্ৰীয় ঘাইপথতে ৰৈ থাকিবলগীয়া হয় এম্বুলেঞ্চ ৷ টুলুঙা নাঁৱেৰে তেখেতক নৈ পাৰ কৰি এম্বুলেঞ্চলৈ অনা হয় যদিও তেতিয়ালৈ মৃত্যুক সাৱটি লয় লোকজনে ৷

ধনশিৰিৰ ওপৰত দলঙৰ অভাৱ বৃহত্তৰ টেঙানী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক সমস্যা ৷ দলং নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই অঞ্চলটোৰ ৰাইজে ৷ বৃহস্পতিবাৰৰ এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে স্থানীয় ৰাইজক ৷ ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-এতিয়াও জলমগ্ন ৰাজ্যৰ 10 খন জিলাৰ 158 গাঁও

ABOUT THE AUTHOR

...view details