গোলাঘাট, 4 নৱেম্বৰঃগোলাঘাটত আৰক্ষীয়ে মহিলাক অভব্য আচৰণ কৰাৰ লগতে ধন দাবী কৰা ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী থানাৰ ভিতৰত ডকাইতৰ দৰে ধন সংগ্ৰহ কৰা ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মেশ্বৰ সাউদক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে । এই ঘটনা পোহৰলৈ অহাৰ পিছত ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে আৰম্ভ কৰিছে তদন্ত ।
ধন দাবী কৰি চাকৰি হেৰুওৱাৰ পথত আৰক্ষী বিষয়া !! - গোলাঘাটত আৰক্ষীয়ে মহিলাক অভব্য আচৰণ
এটা সাধাৰণ ছাগলী চুৰিকাণ্ডক লৈ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ সাউদে এগৰাকী মহিলাৰ পৰা ১০ হেজাৰ টকা উৎকোচ বিচাৰি অশ্লীল গালি গালাজ কৰে । পদ্মেশ্বৰ সাউদে টপচি ওৰফে হানিফ নামৰ ছাগলী ব্যৱসায়ীজনক গোচৰৰ পৰা ৰেহাই দিয়াৰ নামত দাবী কৰিছিল দহ হাজাৰ টকা ৷

ভুক্তভোগীক ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী বিষয়া
ভুক্তভোগীক ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী বিষয়া
ভুক্তভোগীক ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী বিষয়া
আনহাতে, ঘটনা সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ সাউদে ধন দাবী কৰা বিষয়টো অস্বীকাৰ কৰি ছাগলীৰ মূল্যহে বিচাৰিছিল বুলি মন্তব্য কৰে । ঘটনাৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে তদন্ত অব্যাহত ৰাখিছে । গোলাঘাট আৰক্ষীয়ে এইজন দুৰ্নীতিগ্ৰস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
ভুক্তভোগীক ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী বিষয়া