গোলাঘাট,9 ফেব্ৰুৱাৰী : গোলাঘাট আৰক্ষীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ মঙলবাৰে North East Tea Association চমুকৈ NETAৰ সহযোগত গোলাঘাট আৰক্ষী থানাত স্থাপন কৰা হৈছে এক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ । জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত স্থাপন কৰা হৈছে এই কেন্দ্ৰটো ৷
গোলাঘাটত আৰক্ষীৰ সহযোগত স্থাপন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ - NETA
গোলাঘাটত মঙলবাৰে NETAৰ সহযোগত এক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে গোলাঘাট আৰক্ষীয়ে ৷ গোলাঘাট আৰক্ষী থানাত স্থাপন কৰা কেন্দ্ৰটোত আৰক্ষীৰ সন্তানৰ লগতে সাধাৰণ ৰাইজৰ সন্তানেও প্ৰশিক্ষণ ল’ব পাৰিব ।
গোলাঘাটত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন
এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোত আৰক্ষীৰ সন্তানৰ লগতে সাধাৰণ ৰাইজৰ সন্তানেও ল’ব পাৰিব প্ৰশিক্ষণ । 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাই প্ৰশিক্ষণ কেন্দ্ৰটো খোলা থাকিব বুলি জানিবলৈ দিয়ে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ।
লগতে পঢ়ক :পদ্মশ্ৰী ৰংবং তেৰাঙক সম্বৰ্দ্ধনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ