গোলাঘাট,15ছেপ্টেম্বৰ: বুধবাৰে গোলাঘাটত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা ৷ প্ৰতিকূল বতৰৰ বাবে পূৰ্বৰ শাৰীৰিক পৰীক্ষাৰ পুলিবৰ ৰিজাৰ্ভ পুলিচৰ খেলপথাৰৰ পৰিৱৰ্তে চেলেঙী খেল পথাৰত অনুষ্ঠিত হ'ব শাৰীৰিক পৰীক্ষা ৷ এই কথা প্ৰকাশ কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ৷ আজি চেলেঙী খেলপথাৰত আৰক্ষীৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ সকলো দিশ পুংখানুপুংখ ভাৱে পৰ্যাবেক্ষণ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ প্ৰাৰ্থীৰ পঞ্জীয়ন কৰাৰ পৰা আৰম্ভ কৰি সকলো দিশ ভালদৰে নীৰিক্ষণ কৰাৰ পিছতে অধীক্ষক গৰাকীয়ে নিজেই খেলপথাৰত দৌৰি খেলপথাৰৰ বুজ লয় ৷
কাইলৈ গোলাঘাটত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা - চেলেঙী খেল পথাৰ
বুধবাৰে গোলাঘাটত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা ৷ প্ৰতিকূল বতৰৰ বাবে পূৰ্বৰ পুলিবৰ ৰিজাৰ্ভ পুলিচৰ খেলপথাৰৰ স্থান সলনি কৰি চেলেঙী খেলপথাৰৰ স্থান নিৰ্ণয় কৰা হয় ৷
![কাইলৈ গোলাঘাটত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা Physical examination of Assam Police recruits to be held at Golaghat on Wednesday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8814223-676-8814223-1600186995067.jpg)
বুধবাৰে গোলাঘাটত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা
বুধবাৰে গোলাঘাটত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষা
অন্য এক খবৰৰ বাবে: কোনে ধ্বংসৰ গৰাহলৈ থেলি নিছে যুৱ-প্ৰজন্মক ?
প্ৰাৰ্থী সকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ৷