গোলাঘাট,20 অক্টোবৰ: গোলাঘাট জিলাৰ নুমলীগড়ৰ দুই নং পংকা গ্ৰাণ্টৰ এটা পৰিয়ালৰ ঘৰৰ চোতালত তেল চুৰি থকা অৱস্থাত তিনিজনকৈ ব্যক্তিক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নুমলীগড় আৰক্ষীয়ে অভিযান চলাই এ এছ 05 চি 2044 আৰু এন এল 02 এন 6951 নম্বৰৰ টেংকাৰ দুখনৰ পৰা 12 টা তেল ভৰ্তি গেলেন, তেল চুৰিত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে নুমলীগড় আৰক্ষীয়ে ৷ লগতে কৰায়ত্ত কৰে তেজিন্দ্ৰ গগৈ, দীপক মাহাতো আৰু জিতেন্দ্ৰ কুমাৰ পাছোৱান নামৰ তিনিজন ব্যক্তিক ৷ আৰক্ষীৰ উপস্থিতিৰ কথা জানিব পাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে জুন কাকতি আৰু দীনেশ হাজৰিকা নামৰ আন দুজন ব্যক্তি ৷ ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে ঘটনা প্ৰসংগত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷
আৰক্ষীৰ অভিযানত উৎখাত তেলচুৰি চক্ৰ - নুমলীগড় আৰক্ষী
গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষীৰ সফল অভিযান । উৎখাত এক তেলচুৰি চক্ৰ ৷ লগতে দুখনকৈ তেল পৰিবাহী টেংকাৰসহ তিনিজনক আটক আৰক্ষীৰ ৷
![আৰক্ষীৰ অভিযানত উৎখাত তেলচুৰি চক্ৰ golaghat police over through a group of oil thief at numaligarh assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9249841-thumbnail-3x2-a.jpg)
তেলচুৰি চক্ৰ উৎখাত