গোলাঘাট, 11 চেপ্তেম্বৰঃ গোলাঘাটৰ চিকিৎসালয়ত মংগলবাৰে নিশা মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি ৷ সুৰাৰ ৰাগীত মাতাল হৈ এজন আৰক্ষী কনিষ্টবলৰ মহিলাক অভব্য আচৰণ ৷ তথ্য মতে, গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিয়োজিত এজন আৰক্ষী কনিষ্টবলে সুৰাৰ ৰাগীত মাতাল হৈ এগৰাকী মহিলা ৰোগীক অভব্য আচৰণ কৰে ৷ কনিষ্টবলজনে ৰোগীৰ অভিভাৱকক তেওঁৰ কোঠাত ভাত ৰান্ধি দিবৰ বাবে দাবী-ধমকি দিয়ে ৷ আনকি অভিভাৱকে ৰান্ধিবলৈ অমান্তি হোৱাত ৰোগী গৰাকী আৰু তেওঁৰ অভিভাৱকক চিকিৎসালয় ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ অন্যথা লাঠিৰে প্ৰহাৰ কৰাৰো ভাবুকি প্ৰদান কৰে সুৰামত্ত কনিষ্টবল গৰাকীয়ে ৷ অৱশেষত ৰোগীৰ অভিভাৱকে কনিষ্টবলজনক গোলাঘাট সদৰ আৰক্ষী থানাত চমজাই দিয়ে ৷
গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি - শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিশা ৰোগীক অভব্য আচৰণ আৰক্ষী কনিষ্টবলজনৰ ৷ উপায়হীন হৈ ৰোগী আৰু ৰোগীৰ অভিভাৱকে কনিষ্টবলজনক চমজাই দিয়ে গোলাঘাট সদৰ আৰক্ষী থানাৰ আৰক্ষীক ৷
গোলাঘাটৰ চিকিৎসালয়ত মদমত্ত আৰক্ষীৰ উদ্ভণ্ডালি
আৰক্ষীয়ে আটক কৰি নিয়াৰ সময়ত সুৰাৰ ৰাগীত সাংবাদিকৰ কেমেৰাৰ সন্মুখত নৃত্য কৰাৰ লগতে সাংবাদিকক মাৰিবলৈও খেদি যায় মাতাল আৰক্ষীজনে ৷ উল্লেখ্য যে, ৰণ্টু গগৈ বুলি চিনাক্ত কৰা আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে আগতেও ৰেগী আৰু অভিভাৱকক অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷