গোলাঘাট, 5 নবেম্বৰ:গোলাঘাটত আৰক্ষীয়ে ধন দাবী কৰি মহিলাক অভব্য আচৰণ কৰা ঘটনাৰ উপযুক্ত তদন্ত হ'ব । গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰা বুলি জনাই গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে । গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মেশ্বৰ সাউদে এগৰাকী মহিলাক ১০ হেজাৰ টকাৰ উৎকোচ বিচাৰি থানাৰ ভিতৰত অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল । এই সমগ্ৰ দৃশ্য মবাইল কেমেৰাত বন্দী কৰি চ'ছিয়েল মেডিয়াত ভাইৰেল কৰিছিল এজন যুৱকে । এই ঘটনাই গোলাঘাটৰ আৰক্ষী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰে তদন্ত কৰি দোষী প্ৰমাণিত হ'লে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা হ'ব বুলি গোলাঘাট জিলা আৰক্ষী অধীক্ষকে প্ৰকাশ কৰে ৷
গোলাঘাট আৰক্ষীৰ ধন দাবী: সুৰজিৎ সিং পানেশ্বৰক তদন্তৰ দায়িত্ব
গোলাঘাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰা বুলি জনাই গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে । গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মেশ্বৰ সাউদে এগৰাকী মহিলাক ১০ হেজাৰ টকাৰ উৎকোচ বিচাৰি থানাৰ ভিতৰত অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল । এই সমগ্ৰ দৃশ্য মবাইল কেমেৰাত বন্দী কৰি চছিয়েল মেডিয়াত ভাইৰেল কৰিছিল এজন যুৱকে ।
উল্লেখ্য যে, এটা সাধাৰণ ছাগলী চুৰিকাণ্ডক লৈ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ সাউদে এগৰাকী মহিলাৰ পৰা ১০ হেজাৰ টকা উৎকোচ বিচাৰি অশ্লীল গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছিল । পদ্মেশ্বৰ সাউদে টপচি ওৰফে হানিফ নামৰ ছাগলী ব্যৱসায়ীজনক গোচৰৰ পৰা ৰেহাই দিয়াৰ নামত দাবী কৰিছিল দহ হাজাৰ টকা । দহ হাজাৰৰ এটকাও কম নহ'ব বুলি ভয় ভাবুকি প্ৰদান কৰি এগৰাকী মহিলাক অশ্লীল শব্দেৰে অভব্য আচৰণ কৰি কোঠাৰ পৰা বাহিৰ কৰি দিছিল । যাৰ ফলত মহিলাগৰাকীয়ে সাঁচতিয়া ধন ভাঙি ১০ হাজাৰ টকা আদায় দিছিল পদ্মেশ্বৰ সাউদক ।
লগতে পঢ়ক: ধন দাবী কৰি চাকৰি হেৰুওৱাৰ পথত আৰক্ষী বিষয়া !!
আনহাতে, ঘটনা সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ সাউদে ধন দাবী কৰা বিষয়টো অস্বীকাৰ কৰি ছাগলীৰ মূল্যহে বিচাৰিছিল বুলি মন্তব্য কৰে । ঘটনাৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে তদন্ত অব্যাহত ৰাখিছে । গোলাঘাট আৰক্ষীয়ে এইজন দুৰ্নীতিগ্ৰস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব ।