অসম

assam

ETV Bharat / state

আৰক্ষীক ঘপিয়াই গোলাঘাটত আৰক্ষীৰ জালত দুই ঘাটক

বোকাখাট থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত কমাৰগাঁও অঞ্চলৰ পৰা দুটা চোৰাং চিকাৰী আটক কৰে । ধৃত ঘাটক দুজনৰ নাম শচীন কৰ্মকাৰ আৰু শিৱা কৰ্মকাৰ।

By

Published : Oct 3, 2019, 6:38 PM IST

গোলাঘাটত আৰক্ষীৰ জালত দুই ঘাটক

গোলাঘাট, ৩ অক্টোবৰঃ গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ পৰা ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈক ঘপিয়াই আহত কৰা দুই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ঘাটক দুটাৰ নাম শচীন কৰ্মকাৰ আৰু শিৱা কৰ্মকাৰ।

বোকাখাট আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত চলা অভিযানত কমাৰগাঁও অঞ্চলৰ পৰা দুটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, নিশা বোকাখাটৰ লখৌজানত গঁড় চিকাৰী আৰু অস্ত্ৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈক চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰিছিল চোৰাং চিকাৰীয়ে। ঘটনা সংঘটিত কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল কুখ্যাত চোৰাং চিকাৰী কেইটা। আৰক্ষীৰ অভিযানত জব্দ হৈছিল এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে সজীৱ গুলী। আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰিবলৈ সক্ষম হোৱা কুখ্যাত চোৰাং চিকাৰী দুটাক যোৱা নিশা কমাৰগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ইতিমধ্যে ধৃত চিকাৰী কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

গোলাঘাটত আৰক্ষীৰ জালত দুই ঘাটক

ABOUT THE AUTHOR

...view details